মণিপুৰ হিংসাৰ আৰত এন বীৰেণ সিং! ভাইৰেল অডিঅ’ টেপৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বাবে মুখ্যমন্ত্রী এন বীৰেন সিঙৰ উচতনি জড়িত আছিল নেকি, তাক লৈ দেশজুৰি তীব্ৰ চৰ্চা চলি থকাৰ মাজতে বিষয়টোৱে এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছে। বুধবাৰে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে ৪৮ মিনিটৰ সমগ্ৰ অডিঅ’ ক্লিপটো নেশ্যনেল ফৰেনছিক ছায়েন্স বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে অডিঅ’ ক্লিপটোৰ এটা সৰু অংশ তদন্তৰ বাবে পঠিওৱা হৈছিল যদিও সেই ৰিপৰ্টে ক্লিপটো এডিট কৰা হ’ব পাৰে বুলিহে সন্দেহ প্ৰকাশ কৰিছে। ডিচেম্বৰ মাহতে আদালতে প্ৰশ্ন উত্থাপন কৰিছিল যে কিয় সমগ্ৰ অডিঅ’ ক্লিপটো ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰা হোৱা নাই।

আদালতৰ নিৰ্দেশত স্পষ্ট কৰা হৈছে যে অভিযোগত উল্লেখ কৰা ৪৮ মিনিটৰ দীঘলীয়া অডিঅ’ ক্লিপ আৰু প্ৰাক্তন মুখ্যমন্ত্রী বীৰেন সিঙৰ কণ্ঠস্বৰৰ নমুনা- এই দুয়োটাই তদন্তৰ আওতালৈ অনা হ’ব। ফৰেনছিক বিশ্ববিদ্যালয়ক অতি শীঘ্ৰে এই তদন্ত সমাপ্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে। অভিযোগকাৰী কুকি সংগঠনৰ হৈ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে আদালতত দাবী কৰে যে অডিঅ’ ক্লিপটো এডিট কৰা হোৱা নাই আৰু দিল্লীৰ এটা স্বতন্ত্ৰ ফৰেনছিক লেবৰেটৰী ‘ট্ৰুথ লেবছ’ৰ পৰীক্ষাত সেই কণ্ঠস্বৰ মুখ্যমন্ত্রী বীৰেন সিঙৰ সৈতে ৯৩ শতাংশ মিলি গৈছে।

কুকি সম্প্ৰদায়ৰ অধিবক্তাগৰাকীয়ে আদালতক জনায় যে বন্ধ কোঠাৰ এখন বৈঠকত মুখ্যমন্ত্ৰীৰ এই কথা-বতৰা ৰেকৰ্ড কৰা হৈছিল। সেই ক্লিপটোত মুখ্যমন্ত্ৰীক হেনো কোৱা শুনা গৈছে যে মেইটেই সম্প্ৰদায়ৰ কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰু চৰকাৰী অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ লুট কৰা লোকসকলক প্ৰশাসনে আশ্ৰয় দিব লাগে। মণিপুৰ চৰকাৰৰ অধিবক্তাই অৱশ্যে দাবী কৰিছে যে চৰকাৰে শেহতীয়াকৈহে সমগ্ৰ ৰেকৰ্ডিংটো হাতত পাইছে। এই অডিঅ’ টেপৰ সত্যতা প্ৰমাণ হ’লে মণিপুৰৰ ৰাজনীতিত যে এক ডাঙৰ ধুমুহা আহিব, সেয়া নিশ্চিত হৈ পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *