মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত চলি থকা অবৈধ কয়লা খনিৰ চিকাৰ হৈ পুনৰ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল অসমৰ এজন শ্ৰমিকে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যোৱা ১৪ জানুৱাৰীত উমথে গাঁৱৰ এক অবৈধ কয়লা খনিৰ স্থানত কাম কৰি থকাৰ সময়তে এজন শ্ৰমিক ঢলি পৰে আৰু পাছত তেওঁৰ মৃত্যু হয়। মৃত শ্ৰমিকজনক অসমৰ হোজাই জিলাৰ যমুনা মৌদাঙাৰ নিবাসী ৪৮ বছৰীয়া মোচাইড আলী বুলি চিনাক্ত কৰা হৈছে। জিলা আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জানিবলৈ দিয়া মতে, আলী খনিটোত হঠাৎ অসুস্থ হৈ পৰাৰ পাছত তেওঁক ততাতৈয়াকৈ সুতংগা সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাৰ পাছতে আৰক্ষীয়ে উক্ত খনিটো ছীল কৰাৰ লগতে মৃত্যুৰ প্ৰকৃত কাৰণ সম্পৰ্কে এক তদন্তৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে মেঘালয়ত চলি থকা অবৈধ কয়লা খনি আৰু ইয়াৰ পৰিবহণৰ ওপৰত নজৰ ৰাখিবলৈ মেঘালয় উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীয়ে এই সমগ্ৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে। তেওঁ এই দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰা এক বিতং প্ৰতিবেদন বিচাৰিছে। নেচনেল গ্ৰীন ট্ৰাইবিউনেলে ৰেট-হ’ল মাইনিং নিষিদ্ধ কৰাৰ পাছতো ৰাজ্যখনত অবৈধ কয়লা খনন অব্যাহত থকাৰ ঘটনাই এতিয়া সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
