২২টা গ্ৰেণ্ড শ্লেম বিজয়ী ৰাফেল নাদালৰ অৱসৰৰ ঘোষণা

স্পেইনৰ বিখ্যাত টেনিছ তাৰকা ৰাফেল নাদালে অৱসৰৰ ঘোষণা কৰিছে। তেওঁক ক্লে কোৰ্টৰ কিং বুলি গণ্য কৰা হৈছিল। ২২টা গ্ৰেণ্ড শ্লেম বিজয়ী নাদালে মঙলবাৰে ডেভিছ কাপত তেওঁৰ অন্তিমখন খেল খেলিছিল। এই খেলখনত ৩৮ বছৰীয়া নাদালে একেৰাহে দুটা ছেটত নেডাৰলেণ্ডৰ বোটিক ভানৰ হাতত ৬-৪, ৬-৪ ব্যৱধাৰাত পৰাস্ত হয়।

টেনিছৰ পৰা অৱসৰ ঘোষণা কৰি ৰাফেল নাদালে তেওঁৰ সমৰ্থকসকলক কয়-মোৰ ২০ বছৰীয়া পেছাদাৰী কেৰিয়াৰত, আপুনি ভাল সময়ত মোক সমৰ্থন কৰিছে আৰু মোক বেয়া সময়ত খেলি থাকিবলৈ উৎসাহিত কৰিছে। নাদালক ক্লে কোৰ্টৰ কিং বুলিও গণ্য কৰা হৈছিল।

তেওঁ ১৪ বাৰ ফ্ৰেন্স অ’পেন একক খিতাপ জিকিছে। তেওঁ ৰোলাণ্ড গাৰোছত খেলা ১১৬ খন গুৰুত্বপূৰ্ণ খেলৰ ভিতৰত ১১২ খনত জয়লাভ কৰিছে। অৱসৰ গ্ৰহণৰ পিছত তেওঁ কয়-মই এই উপলক্ষে নেডাৰলেণ্ডক অভিনন্দন জনাইছো আৰু ইয়াত থকা সমগ্ৰ স্পেনীয় দলটোক ধন্যবাদ জনাইছো।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *