দেশৰ হকে শৌৰ্য প্ৰদৰ্শন কৰা এজন জ্যেষ্ঠ সামৰিক বিষয়াই নিজৰ ভোটাৰ পৰিচয় নিশ্চিত কৰিবলৈ এতিয়া চৰকাৰী কাৰ্যালয়ৰ কাষ চাপিবলগীয়া হোৱা ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল অৰুণ প্ৰকাশক নিৰ্বাচন আয়োগে এক জাননী প্ৰেৰণ কৰি ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াৰ অংশ হিচাপে নিজৰ পৰিচয় সাব্যস্ত কৰিবলৈ এখন বৈঠকত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ তথা বীৰ চক্ৰ বিজয়ী অৱসৰপ্ৰাপ্ত এডমিৰেলগৰাকী বৰ্তমান গোৱাৰ বাসিন্দা।
নিৰ্বাচন আয়োগৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে যে ২০০২ চনত অন্তিমবাৰৰ বাবে উন্নীত কৰা ভোটাৰ তালিকাত অৱসৰপ্ৰাপ্ত নৌসেনা মুৰব্বীগৰাকীৰ তথ্য উপলব্ধ নাছিল আৰু তেওঁ ‘আনমেপড’ শ্ৰেণীত আছিল। দক্ষিণ গোৱাৰ জিলা উপায়ুক্ত তথা ৰিটাৰ্ণিং অফিচাৰ এগ্না ক্লিটাছে দেওবাৰে সংবাদ প্ৰতিষ্ঠান পিটিআইক কয় যে, “বেছিভাগ এনেধৰণৰ গোচৰত এইটোৱেই ঘটিছে। এডমিৰেল প্ৰকাশ আনমেপড শ্ৰেণীত পৰিছে।” সোমবাৰে তেওঁৰ তথ্যসমূহ পুনৰ পৰীক্ষা কৰা হ’ব বুলিও বিষয়গৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে, নিৰ্বাচন আয়োগৰ এই জাননীৰ পাছতে এডমিৰেল অৰুণ প্ৰকাশে সামাজিক মাধ্যম ‘এক্স’ত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁ কেতিয়াও কোনো বিশেষ সুবিধা বিচৰা নাই, কিন্তু চৰকাৰী প্ৰক্ৰিয়াটো অধিক সহজ হোৱা উচিত। তেওঁ কয় যে, “আমি এহাল ৮২ আৰু ৭৮ বছৰীয়া দম্পতী, আমাক ১৮ কিলোমিটাৰ দূৰত দুটা বেলেগ দিনত উপস্থিত হ’বলৈ কোৱা হৈছে।” তেওঁ লগতে যুক্তি দিয়ে যে যদি বৰ্তমানৰ ফৰ্মসমূহে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পৰা নাই, তেন্তে সেইবোৰ সংশোধন কৰিব লাগে। তদুপৰি এই ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বহু ব্যৱহাৰকাৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে যিহেতু চৰকাৰী ডাটাবেছত অৱসৰপ্ৰাপ্ত নৌসেনা মুৰব্বীগৰাকীৰ পেঞ্চন পেমেণ্ট অৰ্ডাৰ আৰু লাইফ চাৰ্টিফিকেট ইতিমধ্যে উপলব্ধ আছে, তেন্তে অতিৰিক্ত পৰিচয়ৰ কি প্ৰয়োজন? একাংশ অৱসৰপ্ৰাপ্ত সামৰিক বিষয়াই মন্তব্য কৰিছে যে চৰকাৰী বিষয়াৰ দৰবাৰলৈ মাতি পঠিওৱাৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগৰ দলেই তেওঁৰ বাসগৃহলৈ গৈ পৰিচয় নিশ্চিত কৰিব পাৰিলেহেঁতেন।
