বঙাইগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত এম্বুলেন্স! তিনিজনৰ অৱস্থা সংকটজনক

তীব্ৰবেগী এম্বুলেন্সে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খুটাত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত তিনিগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে এক শোকাৱহ পৰিৱেশৰ সৃষ্টি হয়। বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ চাপ্ৰাকাটাত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, এম্বুলেন্সখনে এগৰাকী মহিলাৰ মৃতদেহ কলকাতাৰ পৰা অসমলৈ কঢ়িয়াই আনি থকাৰ সময়তে এই অঘটনটো ঘটে।

মৃত মহিলাগৰাকী বৰপেটা চহৰৰ নিবাসী জেলেকা বেগম বুলি চিনাক্ত কৰা হৈছে। কলকাতাত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ পাছত তেওঁৰ মৃতদেহ অন্তিম সংস্কাৰৰ বাবে বৰপেটাকৈ লৈ অহা হৈছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ ভিতৰত মৃতদেহটো দীৰ্ঘক্ষণ আৱদ্ধ হৈ থাকে, যাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা উদ্ধাৰ অভিযানৰ অন্তত গাড়ীখনত থকা আন তিনিজন আহত যাত্ৰীক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, আহতসকলৰ অৱস্থা বৰ্তমান অতি সংকটজনক। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে, আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত মৃতদেহটো শোকসন্তপ্ত পৰিয়ালক গতাই দিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *