কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য এই অনুষ্ঠানত থাকে।দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়া, বনোৱাৰীলাল পুৰোহিত আৰু জগদীশ মুখীও উপস্থিত থাকে এই অনুষ্ঠানত। ইয়াৰ পূৰ্বে ৰাজভৱনৰ ভিতৰত বৈদিক অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।সৰ্বমুঠ ৪১ কোটি টকা ব্যয়েৰে অত্যাধুনিক সুবিধাৰে নিৰ্মাণ কৰা এই ভৱনত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, সন্মিলন কক্ষ, অপেক্ষা কক্ষ, পুথিভঁৰাল, অতিথিৰ বাবে গভৰ্ণৰ্ছ ছুইট, প্ৰেছিডেঞ্চিয়েল ছুইট আদি সুবিধা উপলব্ধ হ’ব

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *