আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা ৰাজনৈতিক তৎপৰতাৰ মাজতে অসমলৈ সোঁত বৈছে কেন্দ্ৰীয় নেতৃত্বৰ। হাইপ্ৰ’ফাইল ভ্ৰমণৰ ধাৰাবাহিকতা ৰক্ষা কৰি চলিত মাহৰ শেষৰ ফালে আৰু ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল’বলৈ ৰাজ্যত উপস্থিত হ’ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৩০ জানুৱাৰীত ৰাজ্যত উপস্থিত হ’ব। দাভোছত বিশ্ব অৰ্থনৈতিক ফৰামত অংশগ্ৰহণ কৰি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে সদৰী কৰে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত নতুন দলংখন মুকলি কৰাৰ লগতে ভাৰতীয় প্ৰৱন্ধন প্ৰতিষ্ঠান (আই আই এম), গুৱাহাটী দেশবাসীৰ বাবে উৎসৰ্গা কৰিব।
ইফালে, ৩০ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত উপস্থিত হৈ অসমৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব আৰু এখন বিশাল জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা তিনি মাহত প্ৰধানমন্ত্ৰীৰ এয়া তৃতীয়টো অসম ভ্ৰমণ হ’ব। এই ভ্ৰমণকালতে কোকৰাঝাৰত ৰে’ল ডবা নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপনৰ লগতে মৰাণত নিৰ্মাণ কৰা উন্নত লেণ্ডিং ফ্ৰেচিলিটীৰ জৰিয়তে ডিব্ৰুগড় আৰু ইটানগৰৰ মাজত যাতায়তৰ সময় হ্ৰাস কৰাৰ দিশতো চৰকাৰে গুৰুত্ব দিছে।
