নিৰ্বাচনী দামামাৰ মাজতে বিধানসভাৰ অন্তিম বাজেট অধিৱেশনঃ পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে সদনত উত্থাপন হ’ব ভোট অন একাউণ্ট

আগন্তুক বিধানসভা নিৰ্বাচনৰ সময়সূচী প্ৰকাশ পোৱাৰ পূৰ্বেই সোমবাৰে পুৱাৰ পৰা আৰম্ভ হয় ৰাজ্য চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনখনে নিৰ্বাচনৰ পূৰ্বে এক বিশেষ ৰাজনৈতিক গুৰুত্ব বহন কৰিছে। ৰাজ্যপালৰ পৰম্পৰাগত ভাষণেৰে আৰম্ভ হোৱা সদনৰ এই কাম-কাজত আগন্তুক দিনৰ চৰকাৰী পৰিকল্পনাৰ ছবিখন স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

নিৰ্বাচনী যুদ্ধলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত চৰকাৰে এইবাৰ পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে সদনত এখন ভোট অন একাউণ্টহে উত্থাপন কৰিব। বিত্ত মন্ত্ৰী অজন্তা নেওগে মঙলবাৰে উত্থাপন কৰিবলগীয়া এই অন্তৱৰ্তীকালীন বিত্তীয় ব্যৱস্থাই নতুন চৰকাৰ গঠন নোহোৱালৈকে প্ৰাৰম্ভিক মাহকেইটাৰ জৰুৰী চৰকাৰী ব্যয়সমূহ বহন কৰাত সহায় কৰিব।

বৰ্তমান ১২৬ জনীয়া বিধানসভাত শাসকীয় মিত্ৰজোঁটৰ এক শক্তিশালী স্থিতি থকাৰ বিপৰীতে বিৰোধীয়েও নিৰ্বাচনৰ পূৰ্বে নিজৰ শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি চলাইছে। ১২৬ টা বিধানসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে এই অধিবেশনে শাসক আৰু বিৰোধী উভয় পক্ষৰ বাবে এক ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *