অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্তিম টি-২০ খেলিব অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে

ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় জনাবলৈ সাজু হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথম দুখন মেচ খেলাৰ পিছত আন্দ্ৰে ৰাছেলে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰে। এই দুয়োখন মেচ জামাইকাৰ ছাবিনা পাৰ্কত অনুষ্ঠিত হ’ব, যিটো ৰাছেলৰ ঘৰুৱা খেলপথাৰ। এনে পৰিস্থিতিত তেওঁ নিজৰ ঘৰুৱা খেলপথাৰত ক্ৰিকেটক দিয়া জনোৱাৰ সিদ্ধান্ত লৈছে। ৩৭ বছৰীয়া আন্দ্ৰে ৰাছেলে ২০১২ আৰু ২০১৬ চনৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰি আহিছে।

দ্ৰুত বলিং আৰু বিস্ফোৰক বেটিঙৰ বাবেই টি-২০ ক্ৰিকেটত তেওঁ এক বিশেষ পৰিচয় গঢ়ি তুলিছিল। বিশ্বৰ টি-২০ লীগত অতি জনপ্ৰিয় খেলুৱৈ। উল্লেখ্য যে আন্দ্ৰে ৰাছেলক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে এজন গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল।এই প্ৰতিযোগিতা অহা বছৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব। কিন্তু তাৰ সাত মাহৰ আগতে অৱসৰ লোৱাৰ সিদ্ধান্তই দলটোৰ বাবে আঘাত বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ পূৰ্বে নিকোলাছ পুৰানেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হঠাতে বিৰতি লৈছিল। এই দুয়োজনৰ বিদায়ে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটত প্ৰভাৱ পেলাব পাৰে।

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰিছে। ইয়াত দুগৰাকী যুৱ খেলুৱৈয়েও সুযোগ পাইছে। ১৮ বছৰীয়া বেটছমেন জুৱেল এণ্ড্ৰু আৰু ২৩ বছৰীয়া বেটছ বলাৰ জেডিয়া ব্লেডছক দলত স্থান দিয়া হৈছে। ২০২৪ চনৰ চিপিএলত এণ্ড্ৰুৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই পঞ্চাশ স্ক’ৰ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়িছিল। আনহাতে ব্লেডছে ৱেষ্ট ইণ্ডিজ ব্ৰেকআউট লীগত ছুইং বলিঙৰ জৰিয়তে নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *