ৰাজ্যৰ সকলো মহাবিদ্যালয় হ’ব আৱাসিক; উচ্চশিক্ষাত ১০০ শতাংশ হোষ্টেলৰ পৰিকল্পনা চৰকাৰৰ

অসমৰ উচ্চশিক্ষাৰ পৰিৱেশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এতিয়া পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক পৰ্যায়ক্ৰমে সম্পূৰ্ণ আৱাসিক শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্য লৈছে চৰকাৰে। সোমবাৰে ডিব্ৰু মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কৰে এই গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ কথা। ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত অধিক মনোনিৱেশ কৰিবলৈ দিয়াৰ বাবে এতিয়াৰ পৰা ১০০ শতাংশ হোষ্টেল সুবিধা প্ৰদানত গুৰুত্ব দিব ৰাজ্য চৰকাৰে।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল যাতে বহিঃজগতৰ পৰা কোনো ধৰণৰ বিভ্ৰান্তিৰ চিকাৰ নহয়, তাৰ বাবে কেম্পাছৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাটো অত্যন্ত জৰুৰী। ডে-স্কলাৰসকলক লক্ষ্য কৰি তেওঁ কয় যে উপযুক্ত আৱাসিক পৰিৱেশ অবিহনে মানদণ্ডসম্পন্ন শিক্ষা আশা কৰাটো কঠিন। আইআইটি গুৱাহাটীৰ উদাহৰণ দি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে যিদৰে প্ৰিমিয়াৰ প্ৰতিষ্ঠানসমূহৰ ৮ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক আৱাসিক সুবিধা দিয়া হয়, তেনেদৰে অসমৰ মহাবিদ্যালয়সমূহতো এতিয়া হ’ব লাগিব একে ধৰণৰ ব্যৱস্থা।

কেৱল আৱাসিক সুবিধাই নহয়, শিক্ষানুষ্ঠানৰ সাফল্যৰ মাপকাঠিও এতিয়া সলনি হ’ব ৰাজ্যত। ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ চমুকৈ ন্যাকৰ গুৰুত্ব লাহে লাহে হ্ৰাস পাব পাৰে বুলি ইংগিত দিছে ড° পেগুৱে। তাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীৰ নিয়োগ আৰু উদ্যমিতাকহে প্ৰতিষ্ঠানৰ সফলতাৰ মূল মানদণ্ড হিচাপে গ্ৰহণ কৰিব লাগে। তেওঁ কয়, “প্ৰতিষ্ঠানে কিমান ডিগ্ৰী দিলে সেইটো ডাঙৰ কথা নহয়, কিমান ছাত্ৰ-ছাত্ৰীয়ে কৰ্মসংস্থাপন পালে বা এজন সফল উদ্যমী হ’ল, সেইটোহে আচল সাফল্য।”

ভাষণ প্ৰসংগত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক এজন নিৰ্বাক দৰ্শক হৈ থকাৰ পৰিৱৰ্তে নিজৰ মত প্ৰকাশ কৰিবলৈ আৰু প্ৰশ্ন সুধিবলৈ অনুপ্ৰাণিত কৰে। অনুষ্ঠানত জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনে আগবঢ়োৱা ডেৰ কোটি টকাৰ অনুদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে কোনো এখন শিক্ষানুষ্ঠান কেৱল চৰকাৰী প্ৰতিষ্ঠান হৈ থাকিলে নচলিব, ইয়াক এক সামূহিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিব লাগিব। একেদৰে ৰাজহুৱা অনুষ্ঠানসমূহৰ দীঘলীয়া সম্বৰ্ধনা পৰ্ব হ্ৰাস কৰি সেইবোৰ অধিক

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *