বিজেপিৰ ভোট চুৰি কাণ্ডৰ বিৰুদ্ধে অখিল গগৈৰ এজাহাৰ! বিৰোধীৰ ঐক্যবদ্ধ সংগ্ৰামৰ হুংকাৰ

ৰাজ্যৰ ভোটাৰ তালিকাৰ বিন্যাস সলনিৰ ষড়যন্ত্ৰ চলোৱা শাসকীয় পক্ষৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক শক্তিসমূহ। বকো সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বিজেপি নেতাই ভোটাৰৰ নাম কৰ্তনৰ বাবে ফৰ্ম-৭ দাখিল কৰাৰ ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই শনিবাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে যোৰহাট সদৰ থানাত এক এজাহাৰ দাখিল কৰে।

ভোট চুৰিৰ এই ভয়ংকৰ অভিযোগৰ সন্দৰ্ভত অখিল গগৈয়ে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ বিশ্বাস, সম্পাদক মৃন্ময় বড়ো আৰু বুদ্ধেশ্বৰ ৰাভাকে ধৰি কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আনকি, এই কাৰ্যত সহায় কৰাৰ গুৰুতৰ অভিযোগ তুলি তেওঁ বকোৰ সমজিলা আয়ুক্ত প্ৰিয়াংশ ভৰদ্বাজ আৰু কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অখিল গগৈয়ে অভিযোগ কৰা মতে, মৃত্যুৰে যুঁজি থকা বা একো বুজি নোপোৱা ব্যক্তিৰ নামত অভিযোগ দি প্ৰকৃত খিলঞ্জীয়া ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে।

গণতন্ত্ৰ ধ্বংসৰ এই চক্ৰান্তৰ বিৰুদ্ধে অখিল গগৈয়ে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ সৈতে আলোচনা কৰি কাইলৈৰ পৰাই ৰাজ্যজুৰি ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ হ’ব বুলি ঘোষণা কৰে। আনহাতে, আসন ভাগ-বাটোৱাৰা প্ৰসংগত তেওঁ ৩১ জানুৱাৰীৰ ভিতৰত বিৰোধীৰ ঐক্য চূড়ান্ত হোৱাটো বিচাৰিছে যাতে নতুনকৈ যোগদান কৰিব খোজা নেতাসকলে স্থিতি স্পষ্ট কৰিব পাৰে। মৰিয়নী সমষ্টিৰ সন্দৰ্ভত মন্তব্য কৰি গগৈয়ে কয় যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক বিদায় দি মৰিয়নীৰ উন্নয়নৰ দায়িত্ব তেওঁ নিজেই ল’ব, যদিও তেওঁ নিজে শিৱসাগৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *