মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সমাপ্তি ঘটাই আজি বাৰামতীত সম্পন্ন হ’ল প্ৰয়াত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্তিম সংস্কাৰ। বুধবাৰে পুৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা জনপ্ৰিয় নেতাগৰাকীক শেষ বিদায় জনাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধই বাৰামতীৰ ৰাজপথত ভিৰ কৰে। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হোৱা এই শেষ কৃত্যৰ সময়ত সমগ্ৰ অঞ্চলটোত এক অত্যন্ত আৱেগিক পৰিৱেশে বিৰাজ কৰে। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেও এই অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ আৰু দুই পুত্ৰ পাৰ্থ তথা জয় পাৱাৰৰ উপস্থিতিত পুত্ৰদ্বয়ে ধৰ্মীয় ৰীতি-নীতিৰে পিতৃৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে। এই শোকাবহ সময়ত এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু সাংসদ সুপ্ৰিয়া সুলেসহ পাৱাৰ পৰিয়ালৰ সকলো সদস্যই বাৰামতীত উপস্থিত থাকে।
ইফালে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে দুৰ্ঘটনাটোৰ তদন্তৰ বাবে গঠন কৰা এএআইবি দলে ইতিমধ্যে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স অৰ্থাৎ ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ উদ্ধাৰ কৰা হৈছে, যাৰ জৰিয়তে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। দিল্লীৰ পৰা অহা তিনিজনীয়া এএআইবি দল আৰু মুম্বাইৰ ডিডিচিএ দলটোৱে বৰ্তমান বাৰামতীৰ দুৰ্ঘটনাস্থলীত তদন্ত চলাই আছে।
তদুপৰি পুনে গ্ৰামীণ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত বাৰামতী তালুকা আৰক্ষী থানাত এটা এক্সিডেন্টেল ডেথ ৰিপৰ্ট ৰুজু কৰিছে। অজিত পাৱাৰৰ লগতে প্ৰাণ হেৰুওৱা তেওঁৰ ব্যক্তিগত নিৰাপত্তা বিষয়া বিদীপ যাদৱৰ অন্তিম সংস্কাৰো তেওঁৰ জন্মগাঁও সাতৰাত সম্পূৰ্ণ কৰা হয়। ৰাজ্যজুৰি ঘোষণা কৰা তিনিদিনীয়া চৰকাৰী শোক পালনৰ মাজতে আজি পুৱা ১১ বজাত বিদ্যা প্ৰতিষ্ঠানত অজিত পাৱাৰৰ শেষ বিদায় পৰ্ব সমাপ্ত হয়।
