আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে নিখিল ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফে। ৰাজ্যৰ ৯টা বিধানসভা সমষ্টিৰ বাবে দলটোৱে নিজৰ মনোনীত প্ৰাৰ্থীসকলৰ নাম ৰাজহুৱা কৰিছে। এই তালিকাখনৰ জৰিয়তে দলটোৱে আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে।
দলটোৱে ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰূপহীহাট সমষ্টিৰ পৰা আমিনুল ইছলাম আৰু মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পৰা ছিদ্দিক আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সেইদৰে ৰফিকুল ইছলামে মন্দিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে পকা বেতবাৰী সমষ্টিৰ পৰা মীনাক্ষী ৰহমান আৰু পৰ্বতঝোৰাৰ পৰা আবু তাবেৰ বেপাৰীক দলীয় টিকট প্ৰদান কৰা হৈছে।
দলটোৰ এই তালিকাত ধিং সমষ্টিৰ বাবে মতিউৰ ৰহমান আৰু বিলাসীপাৰাৰ বাবে চাবানা আক্তাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। গৌৰীপুৰ সমষ্টিৰ পৰা নিজানুৰ ৰহমান আৰু সৃজনগ্ৰামৰ পৰা ৰেজাউল কৰিম চৰকাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।
নিৰ্বাচনী বতৰ গৰম হোৱাৰ লগে লগে এআইইউডিএফে আগন্তুক দিনত আন কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান ঘোষিত ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ নাম থকাটোৱে নিৰ্বাচনী যুঁজখন অধিক আমোদজনক কৰি তুলিছে।
