ভাৰতীয় বিমান পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব

পাকিস্তান কর্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী জাৰি কৰিছে। এই জাননী অনুসৰি ভাৰতীয় বিমান সংস্থাসমূহে পৰিচালনা কৰা কোনো বিমানকে পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। ভাৰতীয় মালিকানাধীন আৰু আনকি লিজত থকা সামৰিক আৰু অসামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব বুলি পাকিস্তানৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *