৩২টা বিমান বন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ বাবে ৰেফাৰেন্স জাননী জাৰি কৰা হৈছিল যদিও এই বিমানবন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ।সোমবাৰে পুৱা ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষই এয়াৰমেনলৈ জাৰি কৰা জাননী অনুসৰি, এতিয়া ৩২টা বিমান বন্দৰৰ আটাইকেইটা মুকলি কৰা হৈছে। আম্বালা, অমৃতসৰ, ভূজ, বিকানেৰ, চণ্ডীগড়, হিন্দন, জয়ছলমেৰ, জম্মু, জামনগৰ, যোধপুৰ, লেহ, লুধিয়ানা, মুন্দ্ৰা, পোৰবন্দৰ, ৰাজকোট (হিৰাচৰ), শিমলা আৰু শ্ৰীনগৰ আদি ডাঙৰ চহৰৰ বিমান বন্দৰসমূহ যোৱা ৭ মে’ৰ পৰা বন্ধ হৈ থকাৰ বাবে বিমান সংস্থাসমূহে শ শ বিমান সেৱা বাতিল কৰিবলগীয়া হৈছিল। অস্থায়ীভাৱে বন্ধ কৰাৰ বাবে ৰেফাৰেন্স জাননী জাৰি কৰা হৈছিল যদিও এই বিমান বন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ।
পুনৰ আৰম্ভ ৩২টাকৈ বিমান বন্দৰ
