সন্মুখত বিধানসভা নিৰ্বাচন; দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা আম আদমী পাৰ্টিৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া তৎপৰতা বৃদ্ধি কৰিছে আম আদমি পাৰ্টীয়ে। মঙলবাৰে ৰাজ্যৰ ছয়টা গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে দলটোৱে নিজৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। বিশেষকৈ দিছপুৰ আৰু যোৰহাটৰ দৰে হাই-প্ৰফাইল সমষ্টিত ‘আপ’ৰ এই পদক্ষেপে ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। দলটোৰ অসমৰ ৰাজ্যিক প্ৰভাৰী ৰাজেশ শৰ্মাই দিছপুৰ সমষ্টিৰ বাবে বল্লভ পাত্ৰক মনোনীত কৰিছে। ইফালে উজনি অসমৰ অন্যতম চৰ্চিত আসন যোৰহাটৰ পৰা প্ৰণৱ প্ৰিয়াংশু দত্তই প্ৰতিদ্বন্দ্বিতা কৰিব। তদুপৰি বঢ়মপুৰৰ পৰা ৰাণুমাই টেৰনপি আৰু ডিফুৰ পৰা বীৰেশ ডিফৌচাৰ নাম দলটোৱে চূড়ান্ত কৰিছে।

আনহাতে উত্তৰ কৰিমগঞ্জৰ পৰা চাইনুল হক আৰু পলাশবাৰীৰ পৰা এলভিন বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এই মনোনয়নে উজনি, মধ্য আৰু নামনি অসমত আম আদমি পাৰ্টীৰ এক পৰিকল্পিত কৌশলৰ ইংগিত দিছে। উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে দলে মুকলি কৰা প্ৰথমখন তালিকাত নাওবৈচাৰ পৰা অচ্যুত দাস আৰু কেন্দ্ৰীয় গুৱাহাটীৰ পৰা অনুৰূপা ডেকাৰাজাকে ধৰি মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। নিৰ্বাচনৰ পূৰ্বে এনেদৰে ধাৰাবাহিকভাৱে প্ৰাৰ্থী ঘোষণা কৰা কাৰ্যই ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ মাজত এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *