আধা দশক মানুহৰ মাজত থাকি অৱশেষত স্বগৃহলৈ উভতিল চন্দ্ৰ আৰু কানাই

অসমৰ গৌৰৱ এশিঙিয়া গঁড় সংৰক্ষণৰ দিশত এক মাইলৰ খুঁটি স্থাপন কৰি সোমবাৰে চন্দ্ৰ আৰু কানাই নামৰ দুটাকৈ প্ৰাপ্তবয়স্ক গঁড়ক সফলতাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপন কৰা হয়। মানুহৰ হাতত ডাঙৰ-দীঘল হোৱা এই গঁড় দুটাক বিজ্ঞানসন্মত পদ্ধতিৰে নিজৰ প্ৰাকৃতিক আৱাসস্থলীলৈ ওভোতাই অনাৰ ঘটনাই উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আঁচনিক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

অসম বন বিভাগ, ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া (WTI) আৰু ইণ্টাৰনেচনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰ (IFAW) ৰ যুটীয়া উদ্যোগত স্থাপিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই (CWRC) এই স্থানান্তৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, চন্দ্ৰক ২০২০ চনৰ আগষ্ট মাহত কাজিৰঙা বনাঞ্চলৰ পৰা আৰু কানাইক ২০২১ চনৰ আগষ্টত নগাঁও জিলাৰ কুঠৰীৰ পৰা বানপানীৰ সময়ত উদ্ধাৰ কৰা হৈছিল। বৰ্তমান ৫ আৰু ৪ বছৰীয়া গঁড় দুটাক কাজিৰঙাৰ এক বিশেষ পৰিবেষ্টিত এলেকাত ৰখা হৈছে, য’ত সিহঁতে লাহে লাহে বন্য পৰিৱেশৰ সৈতে খাপ খাই পৰিব।

পশু চিকিৎসক ড° ভাস্কৰ চৌধুৰীৰ নেতৃত্বত এটা বিশেষজ্ঞৰ দলে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ নিৰীক্ষণ কৰে। কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে জানিবলৈ দিয়া মতে, আন্তঃৰাষ্ট্ৰীয় সংৰক্ষণ নীতি অনুসৰণ কৰি এই গঁড় দুটাক স্থানান্তৰ কৰা হৈছে যাতে সিহঁতে সুস্থভাৱে প্ৰাকৃতিক পৰিৱেশত জীয়াই থাকিব পাৰে। উল্লেখযোগ্য যে, ২০০২ চনৰ পৰা চি ডব্লিউ আৰ চি (CWRC) কেন্দ্ৰটোৱে বৰ্তমানলৈকে ৩৫৭ টা প্ৰজাতিৰ ৭,৩৯৭ টাতকৈও অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰিছে, যাৰ ভিতৰত ৬৫ শতাংশকে পুনৰ বনাঞ্চললৈ মুকলি কৰি দিয়া হৈছে।

সংৰক্ষণবিদসকলে মত প্ৰকাশ কৰিছে যে চন্দ্ৰ আৰু কানাইৰ এই প্ৰত্যাৱৰ্তনে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো অসমৰ বন বিভাগৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাই কেনেকৈ গঁড়ক সুৰক্ষা প্ৰদান কৰিছে, তাকেই প্ৰমাণ কৰে। বৰ্তমান কেন্দ্ৰটোত আৰু তিনিটা গঁড়ৰ পোৱালি চিকিৎসাধীন হৈ আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *