কংগ্ৰেছ ত্যাগৰ পাছতে সৰৱ ৰেজাউল কৰিম! সংখ্যালঘু সমাজক শিক্ষা জেহাদৰ বাবে জনালে আহ্বান

প্ৰত্যক্ষ ৰাজনীতিত খোজ দিয়াই চৰম অপমান তথা অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হোৱা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছ ত্যাগৰ পাছতে এতিয়া অধিক আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হৈছে। যোৱা ১১ জানুৱাৰীত কংগ্ৰেছত যোগদান কৰি মাত্ৰ তিনিদিনৰ পাছতে দল ত্যাগ কৰা যুৱনেতাগৰাকীয়ে সংখ্যালঘু মুছলমান সমাজক প্ৰশাসনীয় বিভাগৰ শীৰ্ষ পদ দখলৰ বাবে এক নতুন আহ্বান জনাইছে। বঙাইগাঁও আৰু ধুবুৰীৰ দৰে সংখ্যালঘু প্ৰধান জিলাৰ জিলা আয়ুক্তৰ পদত সমাজৰ সন্তানক বহুৱাৰ লক্ষ্যৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।

বঙাইগাঁও জিলাৰ টাপাট্টৰীত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰেজাউল কৰিম সৰকাৰে সংখ্যালঘু জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে শিক্ষাক আটাইতকৈ শক্তিশালী আহিলা হিচাপে অভিহিত কৰে। অভিভাৱকসকলক উদ্দেশ্যি তেওঁ কয় যে অৰ্থনৈতিক দুৰ্বলতাক কেতিয়াও শিক্ষাৰ হেঙাৰ হ’বলৈ দিব নালাগে। “প্ৰয়োজন হ’লে কিডনী বিক্ৰী কৰক, কিন্তু ল’ৰা-ছোৱালীক পঢ়া-শুনা কৰাটো নিশ্চিত কৰক, যাতে কাইলৈ তেওঁলোকে চৰকাৰী পদবী গ্ৰহণ কৰি প্ৰশাসন চলাব পাৰে” বুলি তেওঁ মন্তব্য কৰে। তেওঁ যুক্তি দিয়ে যে সংখ্যালঘু লোক থকা জিলাসমূহত স্থানীয় প্ৰতিনিধিত্বই দীৰ্ঘদিনীয়া সমস্যা সমাধানত সহায় কৰিব।

উল্লেখ্য যে ধুবুৰী আৰু শিৱসাগৰ জিলাৰ তুলনা কৰি এক বিতৰ্কিত মন্তব্য কৰাৰ পাছতে নিজ দলৰ ভিতৰতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰেজাউল। ইয়াৰ পাছতে তেওঁ পদত্যাগৰ সিদ্ধান্ত লয়। আজিৰ অনুষ্ঠানত তেওঁ স্পষ্ট কৰি দিয়ে যে সংখ্যালঘু সমাজক কৰা যিকোনো ভেঙুচালি বা ভাবুকিক কোনো কাৰণতে সহ্য কৰা নহ’ব আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলা হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *