টি-২০ বিশ্বকাপক লৈ আফগানিস্তানৰ ১৫ জনীয়া দল ঘোষণা

২০২৬ৰ টি-২০ বিশ্বকাপৰ বাবে আফগানিস্তানে ১৫ জনীয়া দল ঘোষণা কৰিছে। ৰছিদ খানক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ইব্ৰাহিম জাদ্ৰানক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্বকাপৰ পূৰ্বে দলটোৱে ইউ এ ইৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলা খেলিব।

দললৈ উভতি আহিছে বেগী বলাৰ ফজালহাক ফাৰুকী আৰু অল ৰাউণ্ডাৰ গুলবাদিন নাইব। ইয়াৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে বাংলাদেশ ভ্ৰমণৰ পৰা বাদ পৰিছিল। মুজিব উৰ ৰহমান আৰু নবীন উল হককো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ফিটনেছৰ সমস্যাৰ বাবে এছিয়া কাপত অংশ ল’ব নোৱাৰাৰ পিছত আঘাতৰ পৰা সুস্থ হৈ উঠিছে ফাষ্ট বলাৰ নবীন-উল হক।

অফ স্পিনাৰ মুজিব উৰ ৰহমানক নিৰ্বাচিত কৰাৰ পিছতে ৰিজাৰ্ভত স্থান লাভ কৰিছে যুৱ মিষ্ট্ৰী স্পিনাৰ আল্লাহ গাজানফে। তেওঁৰ সৈতে ইজাজ আহমদজাই আৰু জিয়া উৰ ৰহমান শ্বৰীফীয়েও আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *