হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। হঠাতে পাহাৰৰ পৰা খহি পৰা ধ্বংসাৱশেষত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় এখন বাছ। দুৰ্ঘটনাত থিতাতে ১৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহযোগ কৰে। খবৰ অনুসৰি, বাছখনত প্ৰায় ৩০ জন যাত্ৰী আছিল। ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দলো উপস্থিত আছিল।ঘটনাস্থলীত আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ পাছতে জেচিবিৰে ধ্বংসাৱশেষ আঁতৰোৱা হয়। ইয়াৰ পিছতে আহতসকলক বাছৰ পৰা উলিয়াই এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে। তেওঁ নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।
হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা
