মেঘালয়ত ভয়ংকৰ দু*ৰ্ঘটনা

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ লোকে। দেওবাৰে নিশা মেঘালয়ত সংঘটিত হয় এই ঘটনা। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে, দেওবাৰ (৩আগষ্ট) নিশা শিলচৰ-ডাৱকী পথত বাহন এখন দুৰ্ঘটনাতপতিত হয়। যাৰ ফলত এই আটাইকেইজন লোকে প্ৰাণ হেৰুৱায়। ঘটনাৰ বিৱৰণী অনুসৰি নিশা বাহনখন গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংগাইনত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।দুৰ্ঘটনাতপতিত হোৱা গাড়ীখনৰ নম্বৰ ML05-U-4926 । এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখনো যথেষ্ঠ ক্ষতিগ্ৰস্ত হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *