হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

57

হোজাই চহৰৰ হোটেল অশোকত অনুষ্ঠিত হয় আপৰ হোজাই জিলা কৰ্মকৰ্তা সন্মিলন। দিনজোৰা বিস্তৃত কাৰ্যসূচীত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমত ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়।

দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে আপৰ স্বেচ্ছাসেৱক সকলক ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়া, সমীক সেনগুপ্তা, ৰমেন বৰঠাকুৰ আৰু অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে।

দলৰ নেতা সকলে আপৰ কৰ্মকৰ্তা সকলক ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ’বলৈ আহ্বান জনায় ।সন্মিলনত হোজাই জিলাৰ কৰ্ম কৰ্তা সকলে হোজাই টাউনৰ নতুন বজাৰ আৰু পুৰণি বজাৰ সংযোগী পথটো বন্ধ কৰি দিয়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ।