প্ৰচণ্ড কুঁৱলীৰ মাজত নয়ডাৰ ১৫০ ছেক্টৰত শনিবাৰে পুৱতি নিশা এক অতি মৰ্মান্তিক ঘটনা সংঘটিত হয়। পানীৰে আধা ডুব গৈ থকা নিজৰ গাড়ীখনৰ ওপৰত থিয় হৈ প্ৰায় ২ ঘণ্টা ধৰি সহায় বিচাৰি আৰ্তনাদ কৰাৰ পাছতো এগৰাকী ২৭ বছৰীয়া ছফ্টৱেৰ অভিযন্তাৰ নলাৰ পানীত ডুবি মৃত্যু ঘটে। অভিযোগ অনুসৰি, আৰক্ষীৰ কেইবাগৰাকীও কৰ্মী ঘটনাস্থলীত উপস্থিত আছিল যদিও পানী ঠাণ্ডা হোৱাৰ দোহাই দি কোনোৱে যুৱকজনক উদ্ধাৰৰ বাবে পানীত জাপ নিদিলে। মৃত যুৱকজনৰ নাম যুৱৰাজ মেহতা বুলি চিনাক্ত কৰা হৈছে। গুৰুগ্ৰামৰ এখন ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱৰাজ নিশা প্ৰায় ১২:৩০ বজাত নিজৰ ঘৰলৈ উভতি আহি থাকোঁতে ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৭০ ফুট গভীৰ নলাত তেওঁৰ গাড়ীখন পৰি যায়। যুৱৰাজৰ পিতৃ ৰাজ মেহতাৰ অভিযোগ অনুসৰি, নলাটোৰ সীমাৰ দেৱালখন আগৰে পৰা ভঙা আছিল। গাড়ীখন পৰাৰ পাছতে যুৱৰাজে পানীৰ পৰা ওলাই গাড়ীৰ ছালত থিয় হৈ পিতৃলৈ ফোন কৰি সহায় বিচাৰিছিল।
যুৱৰাজৰ বন্ধু পংকজ টোকাছে জানিবলৈ দিয়া মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল যদিও তেওঁলোকে সাঁতুৰিব নাজানো বুলি কৈ উদ্ধাৰৰ বাবে কোনো সাহস নকৰিলে। ইফালে, এছডিআৰএফ (SDRF) আৰু এনডিআৰএফ (NDRF)ৰ দল ঘটনাস্থলীত প্ৰায় দুই ঘণ্টা পলমকৈ উপস্থিত হয়। নিশা প্ৰায় ২:৩০ বজাত যুৱৰাজৰ আৰ্তনাদ বন্ধ হৈ যায় আৰু পুৱা ৬:৩০ বজাতহে আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাক কেন্দ্ৰ কৰি নয়ডা প্ৰশাসনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। পিতৃ ৰাজ মেহতাই নয়ডা কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই একমাত্ৰ সন্তানক হেৰুৱাব লগা হ’ল বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। উল্লেখযোগ্য যে যুৱৰাজ মেহতাই তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী সদস্য আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নয়ডা কৰ্তৃপক্ষলৈ এক জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে যদিও এতিয়ালৈকে কোনো এফআইআৰ (FIR) ৰুজু হোৱা নাই।
