অৰুণাচলৰ চেলা লেকৰ বৰফ ভাঙি নিৰুদ্দেশ এজন পৰ্যটকঃ সেনাৰ সাহসী অভিযানত উদ্ধাৰ আন দুগৰাকী

অৰুণাচল প্ৰদেশৰ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৩,৭০০ ফুট উচ্চতাত অৱস্থিত চেলা লেকত শুকুৰবাৰে সাতজনীয়া পৰ্যটকৰ এটা দল এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। প্ৰচণ্ড শীতৰ বাবে গোট মাৰি বৰফ হৈ থকা হ্ৰদটোৰ মাজভাগলৈ এজন পৰ্যটক আগবাঢ়ি যাওঁতেই হঠাৎ বৰফৰ তৰপটো ভাঙি পৰাত তেওঁ হিমশীতল পানীত ডুবি যায়। তেওঁক বচাবলৈ যোৱা আন দুজন পৰ্যটকো পানীত আৱদ্ধ হৈ পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ এটা উদ্ধাৰকাৰী দল যুদ্ধকালীন তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। প্ৰতিকূল বতৰ আৰু শূন্য ডিগ্ৰীতকৈও তলৰ তাপমাত্ৰাক নেওচি সেনাৰ ডুবাৰু দল, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে যৌথভাৱে চলোৱা অভিযানত গোট মৰা হ্ৰদটোৰ পৰা দুজন পৰ্যটকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা লোক দুজনক তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়োৱাৰ পাছত এজনৰ অৱস্থা বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।

ইফালে, পানীত নিৰুদ্দেশ হোৱা তৃতীয়জন পৰ্যটকৰ সন্ধানত বৰ্তমানো তীব্ৰ অভিযান অব্যাহত আছে। দলটোৰ বাকীকেইজন পৰ্যটকক সুৰক্ষিতভাৱে সেনাৰ শিবিৰলৈ নি প্ৰয়োজনীয় সহায় প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষা বিভাগৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে জনোৱা মতে, পৰ্যটকসকলক উচ্চ পৰ্বতীয়া অঞ্চলত ভ্ৰমণৰ সময়ত প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ চৰকাৰে আহ্বান জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *