মাত্ৰ ১৭ বছৰীয়া এজন কিশোৰৰে সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনোৱাৰ মনোভাৱত চলোৱা বিলাসী বাহনে দিল্লীৰ দ্বাৰকা দক্ষিণ থানাৰ লাল বাহাদুৰ শাস্ত্ৰী কলেজৰ কাষত মটৰ চাইকেল আৰোহী ছাহিল ধনেশ্ৰাক প্রাণহানি কৰা এক ভয়ংকৰ দুর্ঘটনা ঘটিছে। কিশোৰজন বৈধ অনুজ্ঞাপত্ৰ বিহীনভাৱে বাহন চলাই আছিল। কিশোৰৰ স্কৰপিঅ’মে মটৰচাইকেলটোৰ সৈতে খুন্দা মাৰি এক টেক্সীলৈ উঠি যায়, যাৰ ফলত টেক্সী চালক গুরুতৰভাৱে আহত হয়। আৰক্ষীৰ তদন্তত কিশোৰজনক আটক কৰি ন্যায় পৰিষদৰ সন্মুখত হাজিৰ কৰা হয়, য’ত দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ বাবে তেওঁৰ অন্তৱৰ্তীকালীন জামিন দিয়াৰ সিদ্ধান্ত লোৱা হয়। মৃত ছাহিলৰ পৰিয়ালে জামিনৰ অধিকাৰত ক্ষোভ প্ৰকাশ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত বাহন তিনিখন জব্দ কৰা হৈছে আৰু আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষণ কৰি আছে। কিশোৰৰ বাহন চলাই থকাৰ বাবে পৰিয়ালৰ লোকৰ বিৰুদ্ধে তদন্ত চলি আছে।
ৰীল ভিডিঅ’ বনাবলৈ গৈ তীব্ৰবেগী স্ক’ৰপিঅ’ৰে যুৱকক খুন্দা কিশোৰ ছাত্ৰৰ, মৃত্যু
