এটা কুকুৰৰ মনস্তত্ত্ব বা আচৰণ এজন মানুহৰ পক্ষে বুজি পোৱা সম্ভৱ নহয় বুলি বুধবাৰে উচ্চতম ন্যায়ালয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বৃহস্পতিবাৰে এই সন্দৰ্ভত আন এক খোজ আগুৱাই গৈ বিচাৰপীঠে নিজা ‘ব্যক্তিগত’ পৰ্যবেক্ষণত কয় যে কুকুৰে ভয়াতুৰ মানুহৰ গোন্ধ পায় আৰু তেনে লোককহে কামোৰে। ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে পথৰ কুকুৰ সংক্ৰান্তীয় এক গোচৰৰ শুনানিতে এইদৰে ব্যক্তিগত অভিজ্ঞতা বৰ্ণনা কৰে। আদালতৰ এই মন্তব্যত আদালতত উপস্থিত থকা পশুপ্রেমীসকলেও সন্মতিসূচক সঁহাৰি জনায়।
শুনানিৰ সময়ত ৰাজপথ আৰু জনবসতিপূৰ্ণ এলেকাত নাগৰিকৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হয়। কুকুৰক খাদ্য যোগান ধৰাৰ বিৰোধিতা কৰা এগৰাকী অধিবক্তাই যুক্তি দিয়ে যে দেশ বাটৰ কুকুৰৰ মালিক নহয়। ৰাষ্ট্ৰৰ দায়িত্ব কেৱল টিকাকৰণ আৰু বন্ধ্যাকৰণৰ মাজতে সীমাবদ্ধ থকাৰ বাবে সাধাৰণ ৰাইজ বিপদত পৰিছে। আনহাতে, আবেদনকাৰী বিজয় গোৱেলৰ অধিবক্তাই কয় যে এই গোচৰটো পশুপ্রেমীৰ বিৰুদ্ধে নহয়, বৰঞ্চ এজন নাগৰিকে যাতে নিৰাপদে ৰাস্তাত খোজ কাঢ়ি ঘৰলৈ উভতিব পাৰে, সেয়া নিশ্চিত কৰাহে ইয়াৰ মূল উদ্দেশ্য।
বিচাৰপীঠত কুকুৰৰ এলেকা দখলক লৈও আমোদজনক আলোচনা হয়। আবেদনকাৰীৰ অধিবক্তাৰ মতে, প্ৰতি ২০০-৩০০ মিটাৰ দূৰত্বত কুকুৰৰ একোটা দল থাকে। পশুপ্রেমীসকলে যেতিয়া আন এটা দলৰ এলেকাত খাদ্য দিয়ে, তেতিয়া সেই খাদ্যৰ বাবে কুকুৰৰ দুয়োটা দলৰ মাজত সংঘাত লাগে। এনেদৰে ক্ষিপ্ত হৈ পৰা কুকুৰৰ কাজিয়াৰ মাজত সাধাৰণ মানুহৰ চলাচল কৰাটো অত্যন্ত বিপজ্জনক হৈ পৰে। বৃহস্পতিবাৰৰ শুনানিৰ শেষত ন্যায়াধীশ সন্দীপ মেহতাই শুকুৰবাৰে পুনৰ এই বিষয়ত বিতং শুনানি হ’ব বুলি জানিবলৈ দিয়ে। লগতে বিচাৰপীঠে সকলো পক্ষকে লাদাখত কুকুৰৰ উপদ্ৰৱ সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশিত এটা সংবাদ প্ৰতিবেদন পঢ়ি আহিবলৈ অনুৰোধ জনায়। নাগৰিকৰ নিৰাপত্তা আৰু প্ৰাণীৰ অধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি উচ্চতম ন্যায়ালয়ে কেনে নিৰ্দেশনা জাৰি কৰে, তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
