বলীউডত কাম কমিছে এ আৰ ৰহমানৰ! সাম্প্ৰদায়িক মেৰুকৰণৰ বিস্ফোৰক অভিযোগ অস্কাৰ বিজয়ী সংগীতজ্ঞৰ

কৰভাৱে সলনি হৈছে হিন্দী ছবিজগত, যাৰ প্ৰভাৱ বৰ্তমান অনুভৱ কৰিছে প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানেও। বিগত আঠ বছৰত বলীউডত হোৱা ক্ষমতাৰ পৰিৱৰ্তনৰ বাবে পূৰ্বৰ তুলনাত কাম হ্ৰাস পোৱা বুলি বিস্ফোৰক মন্তব্য কৰে অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীয়ে। শেহতীয়াকৈ বিবিচি এছিয়ান নেটৱৰ্কক দিয়া এটা সাক্ষাৎকাৰত ৰহমানে কয় যে বলীউডত চলি থকা এই পৰিৱৰ্তনৰ আঁৰত হয়তো কোনো ‘সাম্প্রদায়িক কাৰণ’ থাকিব পাৰে, যদিও তেওঁৰ সন্মুখত কোনেও এই বিষয়ে পোনপটীয়াকৈ একো নকয়। তেওঁৰ মতে, বৰ্তমান উদ্যোগটোত সৃজনীশীল নোহোৱা লোকৰ হাততহে সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে আৰু তাৰ বাবেই বহু ক্ষেত্ৰত তেওঁক কামৰ পৰা বঞ্চিত কৰা হৈছে।

৫৯ বছৰীয়া সংগীতজ্ঞগৰাকীয়ে উল্লেখ কৰে যে বহু সময়ত কোনো চিনেমাৰ বাবে তেওঁৰ নাম চূড়ান্ত কৰাৰ পাছতো সংগীত কোম্পানীসমূহে অন্য পাঁচজন সংগীত পৰিচালককহে কামৰ দায়িত্ব অৰ্পণ কৰে। ৯০ৰ দশকত ‘ৰোজা’, ‘বম্বে’ বা ‘দিল চে’ৰ দৰে কালজয়ী চিনেমাৰে বলীউডত খোপনি পোতা ৰহমানে কয় যে সুভাষ ঘাইৰ ‘তাল’ ছৱিখনৰ পাছতহে তেওঁ উত্তৰ ভাৰতৰ ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল। এজন দক্ষিণ ভাৰতীয় হৈও হিন্দী চিনেমা জগতত সফলতাৰে জীয়াই থকাটো তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল বুলিও তেওঁ জনায়।

২০২৫ চনত মুক্তি পোৱা বিতৰ্কিত ছবি ‘ছাৱা’ৰ সৈতে জড়িত হোৱাৰ প্ৰসংগতো ৰহমানে নিজৰ মত প্ৰকাশ কৰে। ঐতিহাসিক তথ্য বিকৃত কৰাৰ অভিযোগ উত্থাপন হোৱা এই ছবিখনক তেওঁ ‘বিভাজনকাৰী’ বুলি স্বীকাৰ কৰিলেও কয় যে মানুহ ইমান অবুজ নহয় যে কেৱল এখন চিনেমাৰ দ্বাৰা প্ৰভাৱিত হ’ব। ৰহমানৰ মতে, মানুহৰ অন্তৰাত্মাই জানে যে কোনটো সত্য আৰু কোনটো কেৱল বাণিজ্যিক স্বাৰ্থত কৰা কৌশল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *