এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান

উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ হেড কোৱাৰ্টাৰ মহিলা শাখাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত  দিনযোৰা কাৰ্যসূচীৰে “হেঁপাহৰ ভোগালী” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক  সাধাৰণ সম্পাদক মুনীন শইকীয়াই। এই উপলক্ষে হেড কোৱাৰ্টাৰ মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তই আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুনীন শইকীয়াই অসমীয়া জাতিৰ বাপটি সাহোন স্বৰুপ ভোগৰ উৎসৱ ভোগালী তথা মাঘ বিহুৱে জাতি, ধৰ্ম, ভাষা , সম্প্ৰদায় নিৰ্বিশেষে অসমত বাস কৰা সকলো লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সুদুঢ় কৰি আহিছে বুলি ব্যক্ত কৰি এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা বাবে হেড কোৱাৰ্টাৰ মহিলা শাখাৰ শলাগ লয়।

অনুষ্ঠানত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মধু সুদন দাস, উপ সভাপতিত্ৰয়  ত্ৰিদীপ মজুমদাৰ , ভাস্কৰ ভূষণ দাস আৰু ডন সিং ব্ৰহ্ম , যুটীয়া সাধাৰণ সম্পাদকদ্বয় দিগন্ত বৰুৱা আৰু প্ৰকাশ বৰ্মন, কোষাধ্যক্ষ জোন দাস, সহকাৰী সাধাৰণ সম্পাদকত্ৰয়  নয়ন কুমাৰ বৰ্মন, ধ্ৰুৱ তালুকদাৰ আৰু জয়ন্ত চৌধুৰী , সাংগঠনিক সম্পাদকদ্বয় পৱন দত্ত আৰু দীপাংকৰ কলিতা , কাৰ্যালয় সম্পাদক কস্তুৰী দত্ত, হেড কোৱাৰ্টাৰ শাখাৰ সভাপতি ৰূপক বৰুৱা ,সম্পাদক মৃণ্ময় বৰুৱা, গুৱাহাটী শাখাৰ সম্পাদক অৰূপ কলিতা , একাউণ্টছ শাখাৰ সম্পাদক ৱাহিদুৰ ৰহমান, নিৰ্মাণ শাখাৰ সভাপতি মিলন দেউৰী, সম্পাদক উৎপল ঠাকুৰীয়া , হেড কোৱাৰ্টাৰ শাখাৰ সভানেত্ৰী ৰূপালী বৰুৱাকে ধৰি কেবাটাও   শাখা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ কেবাজনো বিষয়ববীয়া  উপস্থিত আছিল।

আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি কাপোৰকে ধৰি বিভিন্ন থলুৱা সামগ্ৰীৰ এখন বিক্ৰী আৰু প্ৰদৰ্শনীও অনুষ্ঠিত হয়। একেদৰে  এক বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত মহিলা শাখাৰ কেবাগৰাকী কৰ্মকৰ্তা, সদস্যই গীত – মাত, গীতি নৃত্য নাটিকা আৰু বিহু হুঁচৰি পৰিবেশন কৰে।  ইয়াৰ উপৰিও সন্ধিয়াৰ ভাগত ৰেলকৰ্মী সকলৰ মাজত এখন লটাৰী খেল অনুষ্ঠিত কৰা হয়। য’ত বিজয়ী সকলক চিতল মাছৰ পৰা আৰম্ভ কৰি ছাগলী, হাঁহ আদি বিতৰণ কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *