বংগত ৰাজনৈতিক সমীকৰণত নতুন মোড়: তৃণমূলৰ নিলম্বিত নেতাৰ হাতত ‘জনতা উন্নয়ন পাৰ্টি’ৰ জন্ম

পশ্চিম বংগৰ ৰাজনৈতিক প্ৰেক্ষাপটত অহা বছৰ হ’বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়াৰে পৰাই নতুন সমীকৰণৰ সৃষ্টি হৈছে। বিশেষকৈ মুৰ্শিদাবাদ জিলাত বাবৰি মছজিদৰ আৰ্হিত মছজিদ নিৰ্মাণৰ ঘোষণাই চৰ্চালৈ অনা তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে সোমবাৰে নিজা ৰাজনৈতিক দল ‘জনতা উন্নয়ন পাৰ্টি’ (JUP) মুকলি কৰে। বংগৰ আকাশত অতি সোনকালে এই নতুন দলৰ পতাকা উৰিব বুলি ঘোষণা কৰি কবীৰে স্পষ্ট কৰি দিয়ে যে তেওঁৰ লক্ষ্য কেৱল মুছলমান সম্প্ৰদায় নহয়, বৰঞ্চ প্ৰতিগৰাকী সাধাৰণ জনতাৰ উন্নয়নহে। দলৰ প্ৰতীক হিচাপে তেওঁ মেজ (Table) আৰু যুটীয়া গোলাপ ফুলক অগ্ৰাধিকাৰ দিছে।

শেহতীয়াকৈ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে কৰা মন্তব্যৰো এক ব্যংগাত্মক উত্তৰ দিয়ে হুমায়ুন কবীৰে। তেওঁ কয় যে যদি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাটো সাংবিধানিক হ’ব পাৰে, তেন্তে তেওঁ বাবৰি মছজিদৰ আৰ্হিত মছজিদ নিৰ্মাণ কৰাটো কিয় অসাংবিধানিক হ’ব?

উল্লেখ্য যে ধৰ্মীয় মেৰুকৰণৰ অভিযোগ তুলি তৃণমূল কংগ্ৰেছে এই মাহৰ আৰম্ভণিতে কবীৰক দলৰ পৰা নিলম্বন কৰিছিল। বৰ্তমান বংগৰ ৰাজনীতিত মুছলমান ভোটবেংকৰ ওপৰত তৃণমূলৰ যি একছত্ৰী আধিপত্য আছে, কবীৰৰ এই নতুন দলে তাত কিমান প্ৰভাৱ পেলাব পাৰে, তাক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *