আমেৰিকাত এহাল দম্পতীয়ে ৩০ বছৰতকৈ অধিক সময় ফ্ৰীজত ৰখা ভ্ৰূণৰে সন্তান জন্ম দিছে। ই এতিয়ালৈকে সফলতাৰে সন্তান জন্ম দিয়া আটাইতকৈ দীঘলীয়া সময়লৈ মজুত ৰখা ভ্ৰূণ বুলি বিশ্বাস কৰা হৈছে। অহাইঅ’ৰ বাসিন্দা ৩৫ বছৰীয়া লিণ্ডচে আৰু তেওঁৰ ৩৪ বছৰীয়া স্বামী টিম পিয়ৰ্ছে শনিবাৰে সন্তান থাডিউছ ডেনিয়েল পিয়ৰ্ছৰ পিতৃ-মাতৃ হয়।নতুন প্ৰযুক্তি আৰু আনুষংগিক তথ্যৰ বিষয়ে ব্যাখ্যা কৰা এম আই টি টেকন’লজি ৰিভিউৰ সৈতে হোৱা এক কথা-বতৰাত লিণ্ডছে কয় যে তেওঁৰ পৰিয়ালে অনুভৱ কৰিছিল যে যেন এখন কল্পবিজ্ঞানৰ ছবি চলি আছে। ২০ বছৰীয়া ভ্ৰূণৰ পৰা শিশু জন্ম হোৱাৰ পূৰ্বৰ অভিলেখ আছিল যেতিয়া ১৯৯২ চনৰ পৰা জমা হৈ থকা ভ্ৰূণৰ পৰা ২০২২ চনত যমজ সন্তান জন্ম হৈছিল।
বিগত সাত বছৰ ধৰি পিয়ৰ্ছৰ দম্পতীহালে এটা সন্তানৰ বাবে চেষ্টা কৰি আছিল, তাৰ পিছত তেওঁলোকে ১৯৯৪ চনৰ পৰা ফ্ৰীজত ৰখা ৬২ বছৰীয়া লিণ্ডা অৰ্চাৰ্ডৰ ভ্ৰূণ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। এই ভ্ৰূণৰ বাবে অৰ্চাৰ্ড আৰু তেওঁৰ স্বামীয়ে আইভিএফ প্ৰক্ৰিয়াৰ আশ্ৰয় লৈছিল। সেই সময়ত অৰ্চাৰ্ডে মুঠ চাৰিটা ভ্ৰূণ প্ৰস্তুত কৰিছিল। তাৰে এগৰাকীয়ে কন্যা সন্তানক জন্ম দিয়ে, যিগৰাকীৰ বয়স এতিয়া ৩০ বছৰ। আনহাতে বাকী তিনিটা ভ্ৰূণক সুৰক্ষিত ৰখা হৈছিল। স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতো অৰ্চাৰ্ডে ভ্ৰুণবোৰ ধ্বংস কৰা নাছিল আৰু গৱেষণাৰ বাবেও দিয়া নাছিল।
কোনো অচিনাকি পৰিয়ালকো নিদিলে তেওঁ। সেইবাবেই তাই ভ্ৰূণবোৰ সুৰক্ষিত ৰাখিবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ টকা খৰচ কৰিছিল। অৱশেষত তাই খ্ৰীষ্টান ভ্ৰূণ গ্ৰহণ সংস্থা ‘নাইটলাইট খ্ৰীষ্টান এডপচনছ’ৰ সৈতে যোগাযোগ কৰে। সংস্থাটোৱে স্নোফ্লেকছ নামৰ এক কাৰ্যসূচী চলায়, য’ত ভ্ৰূণ দাতাই ভ্ৰূণটো কাক দিব সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। তেওঁ পিয়ৰ্ছ দম্পতীহালক লগ পায়। তাৰ পিছত আমেৰিকাৰ টেনেচিৰ ৰিজয়ছ ফাৰ্টিলিটি ক্লিনিকত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। লিণ্ডচে পিয়ৰ্ছে কয় যে আমি কোনো অভিলেখ ভংগ কৰিবলৈ এই কাম কৰা নাছিলো, আমি মাত্ৰ এটা সন্তান বিচাৰিছিলো।
