২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

137

গুৱাহাটী সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত ২৪ শুক্ৰবাৰে  মুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ “প্ৰতিশ্ৰুতি”৷এই উদ্দেশ্যে  আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ প্ৰযোজক- পৰিচালক আৰু ছবিখনত অভিনয় কৰা

শিল্পীসকলৰ লগতে অন্যান্য কলাকুশলীসকলে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কামনা কৰে৷ আজিৰ সংবাদ মেলত  জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,প্লাৱিতা বৰঠাকুৰ ,সিদ্ধাৰ্থ কাশ্যপ,সংগীত শিল্পী ৰূপম ভূঞা আদি উপস্থিত থাকে৷

মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মিত প্ৰতিশ্ৰুতি ছবিখন ড্ৰাগচৰ অন্ধকাৰ জগতৰ পটভূমিত এদল সাহসী আইন ৰক্ষকৰ ন্যায় যুঁজৰ কাহিনীৰে  আগবঢ়াই নিয়া হৈছে৷