শান্তিপুৰৰ পৰা ৰহস্যজনকভাবে সন্ধানহীন বিবাহিতা মহিলা

গুৱাহাটী মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰৰ পৰা নিজৰা গগৈ নামৰ এজনী ৩৩ বছৰীয়া বিবাহিতা মহিলা বিগত পাঁচদিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ থকা ঘটনাই স্বাভাবিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত মহিলা গৰাকীৰ স্বামী মোহন বিশ্বকৰ্মাই ২০ মাৰ্চত ভৰলুমুখ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি ১৭ মাৰ্চৰ দিনা বিয়লি ৩ মান বজাত  চুৰিদাৰ পৰিধান কৰি ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা এই পৰ্যন্ত সন্ধানহীন হৈ আছে।

কোনো লোকে নিজৰা গগৈৰ কিবা সন্ধান পালে ভৰলুমুখ বা নিকটবৰ্তী আৰক্ষী থানা বা চকী নাইবা ৮৮৩৮৬২৮৭৬৪ , ৭০০২০২০৬৬০ নম্বৰৰ মবাইল ফোনত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *