ঐতিহাসিক ক্ষণ! কাইলৈ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ যুদ্ধবিমান

সাধাৰণতে তীব্ৰবেগী ট্ৰাক আৰু বাছ চলাচল কৰা ৰাষ্ট্ৰীয় ঘাইপথত আজি চলিছে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক যুদ্ধবিমান। অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে মৰাণৰ ঘাইপথত নিৰ্মাণ কৰা জৰুৰীকালীন অৱতৰণস্থলীৰ সফল পৰীক্ষণ সম্পন্ন কৰা হয়। ৰাফেল আৰু সুখয়ৰ দৰে শক্তিশালী যুদ্ধবিমানৰ অৱতৰণে সমগ্ৰ উজনি অসমতে এক অভূতপূৰ্ব উছাহ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৱতৰণস্থলীত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ পৰা চাবুৱা বায়ুসেনা ঘাটিলৈ আহিব আৰু তাৰ পাছত চি-১৩০ পৰিবহণ বিমানেৰে মৰাণৰ এই নতুনকৈ প্ৰস্তুত কৰা ৰাজপথত পোনপটীয়াকৈ অৱতৰণ কৰিব। প্ৰায় ১৬ খন বায়ুসেনাৰ বিমানে এই ৩০ মিনিটীয় আকাশী কুচকাৱাজত অংশ ল’ব বুলি জানিব পৰা গৈছে। জৰুৰীকালীন অৱস্থাত অসামৰিক আন্তঃগাঁথনিক কিদৰে সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিব পাৰি, তাৰে এক সফল নিদৰ্শন আজি মৰাণত প্ৰদৰ্শিত হয়।

এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰি কয় যে এই পদক্ষেপে যুৱ প্ৰজন্মক ভাৰতীয় বায়ুসেনাত যোগদান কৰিবলৈ উৎসাহিত কৰিব। মৰাণত কেৱল বিমানৰ অৱতৰণ প্ৰদৰ্শনহে অনুষ্ঠিত হ’ব আৰু ইয়াত প্ৰধানমন্ত্ৰীয়ে কোনো ৰাজহুৱা সভা বা ভাষণ প্ৰদান নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

বৰ্তমান মৰাণ খণ্ডত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে আৰু যানবাহন চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। প্ৰতিৰক্ষা বাহিনী আৰু অসামৰিক প্ৰশাসনৰ মাজত থকা সু-সমন্বয়ৰ ফলত অতি কম সময়ৰ ভিতৰতে ৰাজপথক এনেদৰে যুদ্ধবিমানৰ বাবে সাজু কৰি তোলাটোৱে ভাৰতৰ কৌশলগত সক্ষমতাকে প্ৰমাণ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *