প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে এজন সন্তানে পিতৃৰ পৰা আৰ্থিক ভৰণ-পোষণ লাভ কৰাৰ আইনী অধিকাৰ হেৰুৱাব বুলি এক তাৎপৰ্যপূৰ্ণ ৰায় প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ১৮ বছৰ অতিক্ৰম কৰা সন্তানে পিতৃৰ পৰা ভৰণ-পোষণৰ বাবে কোনো ধৰণৰ ধন দাবী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দি উচ্চ ন্যায়ালয়ে পাৰিবাৰিক আদালতৰ পূৰ্বৰ এক নিৰ্দেশ খাৰিজ কৰে।
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে মোৱাজ্জম আলী নামৰ এজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰে। উল্লেখ্য যে, ২০২৩ চনত ভাদোহীৰ এখন পাৰিবাৰিক আদালতে আলীৰ পত্নী আৰু সন্তানৰ ভৰণ-পোষণৰ ধন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই আলীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
আদালতে নিজৰ পৰ্যবেক্ষণত কয় যে সন্তান ১৮ বছৰত ভৰি দিয়াৰ লগে লগে পিতৃৰ ওপৰত তেওঁলোকৰ ভৰণ-পোষণৰ আইনী বাধ্যবাধকতা সমাপ্ত হয়। অৱশ্যে বিশেষ পৰিস্থিতি বা শাৰীৰিক-মানসিক অক্ষমতাৰ দৰে বিষয়সমূহ ইয়াৰ ব্যতিক্ৰম হ’ব পাৰে। হাইক’ৰ্টৰ এই ৰায়ে এতিয়া দেশৰ পাৰিবাৰিক বিবাদৰ গোচৰসমূহৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে।
