দোকানৰ পৰা কিনি অনা পেকেটৰ আধাখিনি ভুজিয়া তৃপ্তিৰে খোৱাৰ পিছতেই পেকেটটোৰ ভিতৰত থকা এটা বিশেষ বস্তুত চকু পৰাত চকু কপালত উঠিল এজন গ্ৰাহকৰ। গুজৰাটৰ জামনগৰত এখন দোকানৰ পৰা ক্ৰয় কৰা ভুজিয়াৰ পেকেটৰ ভিতৰত ওলাল এটা তেলেৰে ভজা জেঠী। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছতে গ্ৰাহকজনৰ অভিযোগৰ ভিত্তিত জামনগৰ পৌৰ নিগমে অভিযুক্ত দোকানখন তিনি দিনৰ বাবে ছীল কৰি দিয়ে।
জামনগৰ চহৰৰ নাগনাথ গে’ট এলেকাত অৱস্থিত এখন দোকানৰ পৰা গ্ৰাহকজনে ভুজিয়াৰ পেকেটটো ক্ৰয় কৰিছিল। ঘৰলৈ নি ভুজিয়াখিনি খাই থকা অৱস্থাত প্রায় আধা পেকেট শেষ হোৱাৰ পিছত গ্ৰাহকজনে পেকেটটোৰ ভিতৰত ভুজিয়াৰ সৈতে তেলেৰে ভজা অৱস্থাত থকা এটা মৃত জেঠী প্ৰত্যক্ষ কৰে। এই দৃশ্য দেখি হতভম্ব হৈ পৰা গ্ৰাহকজনে লগে লগে জামনগৰ পৌৰ নিগমৰ ওচৰত এই সন্দৰ্ভত আনুষ্ঠানিক অভিযোগ দাখিল কৰে।
গ্ৰাহকজনৰ অভিযোগ লাভ কৰাৰ পিছতে পৌৰ নিগমৰ খাদ্য শাখাৰ এটা দলে দোকানখনত উপস্থিত হৈ তাৎক্ষণিকভাৱে অভিযান চলায়। এই পৰিদৰ্শনৰ সময়ত বিষয়াসকলে দোকানখনৰ পাকঘৰত লেতেৰা পৰিৱেশৰ লগতে নিম্নমানৰ পুৰণি তেল ব্যৱহাৰ কৰি থকা ধৰা পেলায়। ইয়াৰ পিছতে দলটোৱে দোকানখনৰ খাদ্য সামগ্ৰী আৰু তেলৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। লগতে পাকঘৰৰ খিড়িকীত জাল লগোৱাকে ধৰি চাফ-চিকুণতাৰ ক্ষেত্ৰত প্রয়োজনীয় সংস্কাৰ সাধন কৰিবলৈ দোকানখনৰ স্বত্বাধিকাৰীক কঠোৰ নিৰ্দেশ দিয়ে পৌৰ নিগমৰ দলটোৱে।
খাদ্য বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে ইয়াৰ পূৰ্বেও উক্ত দোকানখনক ৫ হাজাৰ টকাৰ জৰিমনা বিহা হৈছিল। কিন্তু তাৰ পিছতো দোকান কৰ্তৃপক্ষই নিজৰ ব্যৱস্থাৰ কোনো সংশোধন নকৰিলে। সেয়েহে বাৰে বাৰে এনে অনিয়ম পোহৰলৈ অহাত পৌৰ নিগমৰ খাদ্য শাখাই দোকানখন তিনি দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে। সকলো ক্ৰুটি দূৰ কৰি বিভাগীয় অনুমতি লাভ কৰাৰ পিছতহে দোকানখন পুনৰ খুলিব পাৰিব বুলি স্পষ্ট কৰি দিছে কৰ্তৃপক্ষই।
উল্লেখ্য যে ইয়াৰ পূৰ্বে উত্তৰপ্ৰদেশৰ দেৱৰিয়া জিলাৰ পাথৰদেৱা বজাৰৰ এখন ৰেস্তোৰাঁতো গ্ৰাহকক খাবলৈ দিয়া চাওমিনত জেঠী ওলোৱাক লৈ তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু খাদ্য সুৰক্ষা বিভাগে ৰেস্তোৰাঁখন বন্ধ কৰি দিছিল।
