বিশ্ব শিশু দিৱসত নীলা পোহৰত জিলিকিল অসম আৰক্ষীৰ কাৰ্যালয়, ‘গ’ ব্লু’ অভিযানত অংশগ্ৰহণ

শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিশ্বজুৰি গ্ৰহণ কৰা প্ৰতীকী পদক্ষেপ “গ’ ব্লু (Go blue)” অভিযানৰ সৈতে সংগতি ৰাখি আজি ২০ নৱেম্বৰ, বিশ্ব শিশু দিৱস উপলক্ষে অসম আৰক্ষীৰ বিভিন্ন কাৰ্যালয় নীলাভ আলোকৰে আলোকিত কৰা হয়। প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থান তথা স্মাৰকসমূহ নীলা পোহৰেৰে সজাই তোলাৰ জৰিয়তে শিশুৰ অধিকাৰৰ প্ৰতি একতা আৰু সহমৰ্মিতা প্ৰকাশ কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আজি উলুবাৰীস্থিত আৰক্ষী মুখ্য কাৰ্যালয়ৰ লগতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়, ৰাজ্যৰ সকলো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু থানাসমূহ নীলা আলোকসজ্জাৰে উজলাই তোলা হয়।
শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী ব্যৱস্থাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শিশুসকলৰ প্ৰতি সংবেদনশীল আৰু বন্ধুত্বসুলভ দৃষ্টিভংগী গ্ৰহণ কৰি শিশু সম্পৰ্কীয় গোচৰসমূহ সময়মতে নিষ্পত্তি কৰা তথা দ্ৰুত ন্যায় নিশ্চিত কৰাৰ দিশত অসম আৰক্ষীয়ে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। ২০১৯ চনত শুভাৰম্ভ কৰা ‘শিশু মিত্ৰ’ কাৰ্যসূচীয়ে দেশৰ ভিতৰতে শিশু-বন্ধুত্বপূৰ্ণ আৰক্ষী ব্যৱস্থাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিচিতি লাভ কৰিছে। তদুপৰি, শিশুৰ অধিকাৰৰ হকে কাম কৰি অহা ‘ইউনিচেফ’ আৰু ‘উৎসাহ’ নামৰ সংগঠনসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি অসম আৰক্ষীয়ে যৌথভাৱে কাম-কাজ চলাই আহিছে।
বিশ্ব শিশু দিৱসৰ এই বিশেষ দিনটোত আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙে শিশুসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে শিশু-  বন্ধুত্বপূৰ্ণ ‘পুলিচিং’ ব্যৱস্থাক অসম আৰক্ষীয়ে সদায়েই অগ্ৰাধিকাৰ দি আহিছে আৰু আৰক্ষীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বাহিনীটো সম্পূৰ্ণৰূপে দায়বদ্ধ।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *