কাবেৰী নদীৰ অতিৰিক্ত পানী এৰি দিয়াৰ নিৰ্দেশ বিচাৰি তামিলনাডু চৰকাৰে দাখিল কৰা দুখন আবেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। কৰ্ণাটকৰ কাবিনী আৰু কৃষ্ণৰাজ সাগৰ জলাধাৰৰ পৰা ১৫ দিনৰ বাবে প্ৰতিদিনে ৩,৫০০ কিউছেককৈ পানী তাৎক্ষণিকভাৱে এৰি দিয়াৰ নিৰ্দেশ বিচাৰি তামিলনাডু চৰকাৰে শীৰ্ষ আদালতৰ কাষ চাপিছিল। তামিলনাডুৰ যুক্তি আছিল যে কাবেৰী জল ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ৩০ জুলাইৰ সিদ্ধান্ত অনুসৰি ১২ আগষ্টৰ ভিতৰত ৪.৫ নিযুত ঘনফুট পানী এৰি দিয়াৰ ব্যৱস্থা আছিল। জলাধাৰত পৰ্যাপ্ত পানী মজুত থকা সত্ত্বেও কৰ্ণাটকে নিজৰ প্ৰাপ্য অংশৰ পানী এৰি দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছিল তামিলনাডুৱে। ৰাজ্য চৰকাৰখনে দাখিল কৰা তথ্য অনুসৰি, ৩ আগষ্টলৈকে কৰ্ণাটকৰ চাৰিটা প্ৰধান কাবেৰী জলাধাৰ — কৃষ্ণৰাজ সাগৰ, কাবিনী, হাৰাংগী আৰু হেমাবতীত মুঠ ৭৭.৫ নিযুত ঘনফুট পানী জমা আছিল, যাৰ জৰিয়তে তামিলনাডুৰ অংশৰ পানী এৰি দিয়াটো সম্ভৱ আছিল।
তদুপৰি, কৃষ্ণৰাজ সাগৰ আৰু কাবিনী বান্ধৰ জলগ্ৰহণ অঞ্চলত শেহতীয়াকৈ হোৱা বৰষুণৰ ভিত্তিত আনুপাতিক ভাগ-বাটোৱাৰা সূত্ৰ অনুসৰি বিলিকুণ্ডলুত ২৬.৯ নিযুত ঘনফুট পানী পোৱাৰ অধিকাৰ আছে বুলি তামিলনাডুৱে দাবী কৰিছিল। আনহাতে, কৰ্ণাটকে এই অভিযোগসমূহ অস্বীকাৰ কৰি কাবেৰী জল ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰিয়েই কাম কৰি থকা বুলি স্পষ্ট কৰে। উল্লেখ্য যে তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কাবেৰী নদীৰ পানী বণ্টনক লৈ বহু দশক ধৰি বিবাদ চলি আহিছে। তেতিয়াৰ মাদ্ৰাজ প্ৰেছিডেন্সী আৰু মহীশূৰ ৰাজবংশৰ মাজত ১৮৯২ চন আৰু ১৯২৪ চনত হোৱা দুখন চুক্তিৰ পৰাই এই বিবাদৰ সূত্ৰপাত ঘটিছিল।
কেন্দ্ৰীয় চৰকাৰে ১৯৯০ চনত কাবেৰী জল বিবাদ ন্যায়াধিকৰণ গঠন কৰে আৰু ই ২০০৭ চনত নিজৰ ৰায়দান প্ৰদান কৰে। ন্যায়াধিকৰণে তামিলনাডুক বছৰি ৪১৯ নিযুত ঘনফুট আৰু কৰ্ণাটকক ২৭০ নিযুত ঘনফুট পানী আবণ্টন দিয়ে। অৱশ্যে এই সিদ্ধান্তত দুয়োখন ৰাজ্যই পুনৰীক্ষণ আবেদন দাখিল কৰাত বিবাদৰ সামৰণি নপৰিল।পৰৱৰ্তী সময়ত, ন্যায়াধিকৰণৰ ৰায় কাৰ্যকৰী কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰক এমাহৰ ভিতৰত কাবেৰী জল ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।
