ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে দুৰ্ঘটনাৰ সময়ত তাৎক্ষণিক সাহায্য প্ৰদানৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। নতুন নিৰ্দেশনা অনুসৰি নিৰ্মাণ সম্পূৰ্ণ হোৱা যিকোনো ঘাইপথ ক’ৰিডৰ যান-বাহনৰ চলাচলৰ বাবে মুকলি কৰি দিয়াৰ পূৰ্বে তাত ২৪ ঘণ্টীয়া ‘ইনচিডেণ্ট মেনেজমেণ্ট ছিষ্টেম’ (আইএমএছ) অৰ্থাৎ জৰুৰীকালীন ঘটনা ব্যৱস্থাপনা প্ৰণালী সক্ৰিয় থকাটো বাধ্যতামূলক কৰা হৈছে।
ঘাইপথত সংঘটিত পথ দুৰ্ঘটনা, যান-বাহনৰ যান্ত্ৰিক বিজুতি, যান-জঁট তথা যিকোনো জৰুৰীকালীন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই প্ৰণালীৰ অধীনত ঘাইপথত এম্বুলেন্স, বিকল বাহন আঁতৰোৱা ক্ৰেইন (ট’-এৱে ভেহিকল) আৰু পহৰাদাৰী ভান মজুত থকাৰ লগতে স্থানীয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু চিকিৎসালয়ৰ সৈতে সমন্বয় স্থাপনৰ বাবে ‘১০৩৩’ নম্বৰৰ হেল্পলাইন সেৱা সংযুক্ত থাকিব, যাতে পথচাৰীসকলে যিকোনো বিপদৰ সময়ত তৎক্ষণাত সহায় লাভ কৰিব পাৰে।
প্ৰাধিকৰণে নিৰ্ধাৰণ কৰা নতুন নিয়ম অনুসৰি সংশ্লিষ্ট ঘাইপথটোত টোল কৰ সংগ্ৰহ কৰা হওক বা নহওক, তাত এই জৰুৰীকালীন ব্যৱস্থাপনা থকাটো অনিবাৰ্য হ’ব। প্ৰাধিকৰণৰ বিষয়াসকলে জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা চিহ্নিত কৰা আৰু সময়মতে জৰুৰীকালীন সাহায্য প্ৰদানৰ ক্ষেত্ৰত আই এম এছে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিৰ্মাণ সম্পূৰ্ণ হোৱা যিকোনো ক’ৰিডৰ যান-বাহনৰ বাবে মুকলি কৰাৰ পূৰ্বে এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়েও যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই ব্যৱস্থাপনা ৰূপায়ণৰ নিৰ্দেশনা জাৰি কৰি দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী এম্বুলেন্সৰ ব্যৱস্থা কৰাটো এন এইচ এ আইৰ দায়িত্ব হিচাপে নিৰ্ধাৰণ কৰিছে।
