দিল্লীৰ শ্বাহদৰা অঞ্চলত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা

দিল্লীৰ শ্বাহদৰা অঞ্চলত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। আম আদমী পাৰ্টি (AAP)ৰ স্থানীয় যুৱ শাখাৰ সভাপতি অভিষেক ধিংগানৰ কাৰ্যালয় লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই।

প্ৰাথমিক তথ্য অনুসৰি, কাৰ্যালয়টোত মুঠ ৬ জাঁই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। গুলীচালনাৰ আঁৰৰ কাৰণ কি, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নে নাই, লগতে এই ঘটনাৰ সৈতে কোন জড়িত, সেই সন্দৰ্ভত অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *