ডিজিটেল বেংকিং সেৱা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আইডিবিআই বেংকৰ ‘ইন’ভেট ২০২৬’ হেকাথনৰ সামৰণি

আইডিবিআই বেংকে দেশৰ বেংক সেৱাত উদ্ভাৱন, ফিনটেক সহযোগিতা আৰু ডিজিটেল ৰূপান্তৰক উৎসাহিত কৰাৰ লক্ষ্যৰে নিজৰ ধ্বজাবাহী হেকাথন পদক্ষেপ আইডিবিআই ইন’ভেট ২০২৬ৰ গ্ৰেণ্ড ফিনালেৰ সফল সামৰণি পেলাবলৈ সক্ষম হৈছে। বিল্ড, ইণ্টিগ্ৰেট, ট্ৰেন্সফৰ্ম মূলমন্ত্ৰৰে আয়োজিত এই পদক্ষেপে সমগ্ৰ দেশৰ ষ্টাৰ্টআপ, ফিনটেক কোম্পানী, কৰ্মৰত পেছাদাৰী আৰু উদ্ভাৱকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াত বেংকৰ মূল প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ সুৰক্ষিত, সম্প্ৰসাৰণযোগ্য আৰু গ্ৰাহক-কেন্দ্ৰিক সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৪টা বিষয়ভিত্তিক শাখা অন্তৰ্ভুক্ত কৰা হৈছিল। কাৰিকৰী মূল্যায়ন, সমাধানৰ প্ৰদৰ্শন, প্ৰুফ অৱ কনচেপ্টৰ বিকাশ আৰু বেংকটোৰ ছেণ্ডবক্স আইডিবিআই ইন’বক্সত ইয়াৰ প্ৰয়োগ তথা বিচাৰকৰ পৰ্যালোচনা সামৰি এক বহু-স্তৰীয় মূল্যায়নৰ অন্তত ৩ নৱেম্বৰত অনুষ্ঠিত গ্ৰেণ্ড ফিনালেত বিজয়ী আৰু ৰানাৰ্ছ-আপসকলক সম্বৰ্ধনা জনোৱা হয়।

আইডিবিআই বেংকৰ এমডি তথা চিইঅ’ ৰাকেশ শৰ্মাই কয় যে, এক স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু বেংকিং প্ৰতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত উদ্ভাৱন হৈছে মূল কেন্দ্ৰবিন্দু। ৰাকেশ শৰ্মাই সুৰক্ষা আৰু নিয়ন্ত্ৰক নীতি-নিয়ম বজাই ৰাখি গ্ৰাহকৰ অভিজ্ঞতা, কাৰ্যকৰী দক্ষতা আৰু ডিজিটেল সক্ষমতা উন্নত কৰাৰ বাবে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত বেংকটোৰ গুৰুত্বৰ কথা উল্লেখ কৰে।

গুৱাহাটীত এই পদক্ষেপে বিশেষকৈ ষ্টাৰ্টআপ আৰু যুৱ উদ্যোগীসকলৰ মাজত অধিক ফিনটেক অংশগ্ৰহণ আৰু প্ৰযুক্তিগত উদ্ভাৱনক উৎসাহিত কৰিব পাৰে। সুলভ আৰু দক্ষ বেংকিং সমাধানৰ ওপৰত ইয়াৰ গুৰুত্বই অসমৰ বৰ্ধিত ডিজিটেল বেংকিং পৰিস্থিতিতন্ত্ৰৰ বাবেও বিশেষ প্ৰাসংগিকতা বহন কৰিছে। আইডিবিআই বেংকে এই পদক্ষেপৰ জৰিয়তে এক প্ৰযুক্তি-নিৰ্ভৰ বিত্তীয় প্ৰতিষ্ঠান হিচাপে নিজৰ স্থিতি সুদৃঢ় কৰাৰ লক্ষ্য লৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *