কাঞ্চিপুৰত ঐতিহাসিক মূৰ্তিৰ অৱমাননাক মণিপুৰৰ মুখ্যমন্ত্ৰীৰ গৰিহণা

মণিপুৰৰ তিনিগৰাকী কিংবদন্তি বীৰ — মহাৰাজ গম্ভীৰ সিং, মহাৰাজ নৰ সিং আৰু সানা হেৰাচন্দ্ৰৰ মূৰ্তি ২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ লাংথাবলৰ কাঞ্চিপুৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ অংশ চুৰি কৰা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, মহাৰাজ গম্ভীৰ সিঙৰ মূৰ্তিৰ তৰোৱাল আৰু সোঁ ভৰিৰ এটা অংশ নিখোজ হৈ আছে, আনহাতে মহাৰাজ নৰ সিং আৰু সানা হেৰাচন্দ্ৰৰ মূৰ্তিৰ পৰাও তৰোৱাল চুৰি কৰা হৈছে। এই ঘটনাই ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে আৰু মণিপুৰৰ ৰাইজৰ আৱেগক গভীৰভাৱে আঘাত দিছে।

এই ঘটনাক গৰিহণা দি মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে কয়, “এনে কাৰ্য মণিপুৰৰ ঐতিহাসিক উত্তৰাধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি এক অপমান। মই সংশ্লিষ্ট কৰ্তৃপক্ষক এই কাৰ্যৰ বাবে জগৰীয়া ব্যক্তিসকলক অতি সোনকালে কৰায়ত্ত কৰিবলৈ আৰু আইন অনুসৰি দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।” তেওঁ লগতে কয়, “আমাৰ ঐতিহ্যৰ সুৰক্ষা এটা সামূহিক দায়িত্ব আৰু এক আপোচহীন অগ্ৰাধিকাৰ।”

এই ঘটনাই ৰাইজৰ মাজত গভীৰ বেদনাৰ সৃষ্টি কৰিছে, কিয়নো মণিপুৰৰ ইতিহাস আৰু সামূহিক স্মৃতিত এই তিনিগৰাকী ঐতিহাসিক ব্যক্তিয়ে এক বিশেষ স্থান দখল কৰি আহিছে। প্ৰতি বছৰে ৯ জানুৱাৰীত চৰকাৰী প্ৰতিনিধিকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকে ‘চাহি তাৰেট খুন্টাকপা’ (১৮১৯–১৮২৬) নামৰ সাত বছৰীয়া ধ্বংসলীলাৰ পৰা মণিপুৰক মুক্ত কৰাত এই বীৰসকলৰ ঐতিহাসিক ভূমিকাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লাংথাবল বিধানসভা সমষ্টিৰ বিধায়ক কৰম শ্যামে ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত মূৰ্তিসমূহ পৰীক্ষা কৰে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি কৰম শ্যামে এই ঘটনাক তীব্ৰ গৰিহণা দি ইয়াক মণিপুৰৰ কিংবদন্তি বীৰসকলৰ প্ৰতি এক অপমান আৰু ৰাইজৰ আৱেগৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে। তেওঁ কয় যে এই কাৰ্য মণিপুৰী সমাজৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা ব্যক্তিয়ে সংঘটিত কৰা যেন লাগে।

তেওঁ বিশ্বাস প্ৰকাশ কৰে যে দোষীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব। লগতে তেওঁ মণিপুৰৰ ৰাইজক দোষীসকলক চিনাক্ত কৰাত আৰু তেওঁলোকক ন্যায়ৰ কাঠগড়াত থিয় কৰোৱাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মূৰ্তিকেইটাৰ এই অৱমাননাই মণিপুৰৰ ইতিহাস, সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ শ্ৰদ্ধেয় বীৰসকলৰ স্মৃতিৰ ওপৰত এক যন্ত্ৰণাদায়ক আঘাত হিচাপে বিবেচিত হৈছে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *