মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড ভঙাগড়ত ৭ খন দোকান ভস্মীভূত

মহানগৰীৰ ভঙাগড়ত আজি পুৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত চিটি ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোখনকে ধৰি ৭ খনকৈ দোকান ক্ষতিগ্ৰস্ত হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটি ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোখনত প্ৰথমে চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানখন সম্পূৰ্ণ ৰূপে জুইয়ে আগুৰি ধৰে। আনকি পৰৱৰ্তী পৰ্যায়ত এই জুই আন কেবাখনো দোকানলৈ সম্প্ৰসাৰিত হোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰে। কিন্তু পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ কেবাখনো বাহনৰ পানীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *