এইচপি ইণ্ডিয়াই এআই-চালিত অম্নিবুক ৫ আৰু প্ৰ’বুক ৪ জি২আইএছ-ৰে সম্প্ৰসাৰণ লেপটপৰ পৰ্টফ’লিঅ’ৰ

এইচপি ইণ্ডিয়াই শিক্ষাৰ্থী, ক্ৰমবৰ্ধমান ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সঘনাই ভ্ৰমণ কৰা পেচাদাৰীসকলক উদ্দেশ্যি এআই-উপযোগী কাৰ্যক্ষমতা, সহজে কঢ়িয়াই নিব পৰা সুবিধা আৰু অত্যাধুনিক বৈশিষ্ট্য সমৃদ্ধ দুটা নতুন লেপটপ— এইচপি অম্নিবুক আৰু এইচপি প্ৰ’বুক ৪ জি২আইএছ মুকলি কৰিছে।
এইচপি অম্নিবুক ৫ লেপটপ শিক্ষাৰ্থী আৰু সৃষ্টিশীল ব্যৱহাৰকাৰীসকলৰ বাবে ডিজাইন কৰা হৈছে। ইয়াত ১৬ টিঅ’পিএছপৰ্যন্ত ইণ্টিগ্ৰেটেড নিউৰেল প্ৰচেছিং ইউনিট সামৰ্থ্য থকা ইণ্টেল ক’ৰ ৭ প্ৰচেচৰ ব্যৱহাৰ কৰা হৈছে। মাত্ৰ ১.১৬ কেজি ওজন আৰু ১১.৭৭ এমএম ডাঠ এই লেপটপটোৱে লোকেল ভিডিঅ’ প্লেবেকৰ ক্ষেত্ৰত ৪২ ঘণ্টালৈকে বেটাৰী লাইফ প্ৰদান কৰে। ইয়াত এটা অ’এলইডি ডিছপ্লে, ১৮০-ডিগ্ৰী হিঞ্জ আৰু ৱাইণ্ড’জ হেল্ল’ ফেচিয়েল ৰিকগনিচন সমৰ্থিত এফএইচডি আইআৰ কেমেৰা আছে। এই লেপটপটো স্ম’ক ছিলভাৰ, ষ্টাৰলিট ব্লু, পিঅ’নি পিংক আৰু ছফ্ট হানিড্ৰিউ আদি চাৰিটা ৰঙৰ বিকল্পত উপলব্ধ হ’ব।
আনহাতে, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়িক প্ৰতিষ্ঠান তথা সঘনাই ভ্ৰমণ কৰা পেচাদাৰীসকলক লক্ষ্য কৰি নিৰ্মাণ কৰা এইচপি প্ৰ’বুক ৪ জি২আইএছ-ত ১৭ টিঅ’পিএছ এনপিইউ কাৰ্যক্ষমতাৰ ইণ্টেল ক’ৰ ৭ প্ৰচেচৰ, ৩২ জিবি পৰ্যন্ত মেম’ৰী আৰু ১ টিবি ষ্ট’ৰেজ আছে। ১৪ ইঞ্চিৰ এই লেপটপটোৰ ওজন ১.১৮ কেজি আৰু ইয়াত এটা ৭০ ডব্লিউএইচ বেটাৰী, এআই-আধাৰিত শব্দ প্ৰতিৰোধক নইজ ৰিডাকচন সুবিধা আৰু ব্যৱসায়-কেন্দ্ৰিক সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
এইচপি-এ জনোৱা অনুসৰি এইচপি অম্নিবুক ৫ ১৪-ৰ প্ৰাৰম্ভিক মূল্য ১,০৯,৯৯৯ টকা ধাৰ্য কৰা হৈছে, অৱশ্যে প্ৰযোজ্য অফাৰসহ কাৰ্যকৰী মূল্য হ’ব ৭৯,৯৯৯ টকা। ইয়াৰ প্ৰাক-পঞ্জীয়ন ১০ নৱেম্বৰলৈকে মুকলি থাকিব আৰু সেই একেটা দিনৰ পৰাই বিক্ৰী আৰম্ভ হ’ব। আনহাতে, প্ৰ’বুক ৪ জি২আইএছ-ৰ মূল্য ৮৬,০০০ টকা(কৰৰ অতিৰিক্তভাৱে)ৰ পৰা আৰম্ভ হ’ব আৰু এইখন ৬ নৱেম্বৰৰ পৰা মিষ্ট ছিলভাৰ ৰঙত উপলব্ধ হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *