মুকলি বিতৰ্কৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ; উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলি তৰ্কৰ প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাজপথৰ পৰিৱৰ্তে সংসদৰ মজিয়াত বিষয়সমূহ উত্থাপন কৰিবলৈ তীক্ষ্ণ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বিৰোধী নেতাজনক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে কোনো হট্টগোল নকৰাকৈ সদন নিৰৱচ্ছিন্নভাৱে চলিবলৈ দিয়াৰ পৰামৰ্শ আগবঢ়ায়।

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আপুনি বিৰোধীৰ এজন নেতা আৰু সেই কথা আপুনি নিজেই জানে। তেন্তে মোক কওক, আপোনাৰ আৰু প্ৰধানমন্ত্ৰীৰ মাজত বিতৰ্ক ৰাজপথত হ’ব লাগে নে সংসদত?”

বিদেশ নীতি আৰু চৰকাৰৰ স্থিতি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা অভিযোগৰ প্ৰসংগও উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংসদত এক সুস্থ বিতৰ্ক অনুষ্ঠিত হ’লে বোফৰ্ছ কেলেংকাৰী আৰু ভোপাল গেছ ট্ৰেজেডীকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয় তাত সামৰি ল’ব পৰা যাব বুলি তেওঁ প্ৰকাশ কৰে।

ৰাহুল গান্ধীক সংসদ চলিবলৈ দিয়াৰ পৰামৰ্শ দি শৰ্মাই কয়, “অনুগ্ৰহ কৰি কওক যে সংসদত কোনো হট্টগোল নহ’ব; আপুনি তৰ্ক আৰম্ভ কৰিব, প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিব আৰু ধাৰাবাহিকভাৱে বিষয়সমূহ আলোচনা হ’ব।”

চুবুৰীয়া দেশৰ অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ দিশলৈ আঙুলিয়াই তেওঁ ৰাহুল গান্ধীক বাংলাদেশ বা নেপালৰ দৰে মানুহক ৰাজপথলৈ নামি আহিবলৈ উচতনি নিদিবলৈ সকীয়াই দিয়ে। নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছে গ্ৰহণ কৰা দ্বিমুখী নীতিক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যদি নৰেন্দ্ৰ মোদী বাৰাণসীত জয়ী হয়, তেন্তে ই ভি এম বেয়া; কিন্তু আপুনি ৰায়বৰেলীত জয়ী হ’লে সেয়া এশ শতাংশ শুদ্ধ।”

ৰাহুল গান্ধীক শান্তিপূৰ্ণ ৰাজনীতিৰ পাঠ দি তেওঁ পুনৰ কয়, “আপুনি চিৰদিনৰ বাবে এজন ক্ষুব্ধ যুৱক হৈ থাকিব নোৱাৰে। যদি আপুনি এজন ভাল ৰাজনীতিবিদ হ’ব বিচাৰে, তেন্তে বিনামূলীয়াকৈ এটা পৰামৰ্শ দিছোঁ- এইবাৰ অনুগ্ৰহ কৰি সংসদত শান্তিপূৰ্ণভাৱে বিতৰ্ক কৰক।”

উল্লেখ্য যে, দীপাৱলীৰ এক বাৰ্তাযোগে ৰাহুল গান্ধীয়ে বিদেশী শক্তিৰ সহায়ত মোদী ক্ষমতালৈ অহা বুলি গুৰুতৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীক যিকোনো মজিয়াত বিতৰ্কত অৱতীৰ্ণ হ’বলৈ প্ৰত্যাহ্বান জনাইছিল। ইফালে, বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী চমুকৈ এছ আই আৰ-কে ধৰি সকলো বিষয়ত চৰকাৰ আলোচনাৰ বাবে সাজু বুলি প্ৰকাশ কৰি কংগ্ৰেছ নেতাজনক সংসদীয় বিতৰ্কলৈ মুকলি আহ্বান জনায়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *