মানকাচৰত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান, নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী

মানকাচৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত নিচাজাতীয় টেবলেটসহ আটক এজন যুৱক। মানকাচৰৰ ২ নং পূবেৰ গাঁৱত আৰক্ষীয়ে চলাইছিল এই অভিযান।

অভিযানৰ সময়ত হাছিবুল ইছলাম নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় নিচাজাতীয় টেবলেট। নিচাজাতীয় সামগ্ৰী সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে হাছিবুল ইছলামক।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে মানকাচৰত সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *