ফেষ্টিভ ছিজনত অলংকাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বব্ৰহ্মাণ্ডৰ দ্বাৰা অনুপ্ৰাণিত ‘অভ্যন্তৰা’ সংগ্ৰহ মুকলি কৰিছে তানিষ্কে

টাটা গোষ্ঠীৰ অন্যতম অলংকাৰ বিপণন ব্ৰেণ্ড তানিষ্কে ধনতেৰাছৰ প্ৰাক্‌মুহূৰ্তত বিশ্বব্ৰহ্মাণ্ডৰ সৌন্দৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ ‘অভ্যন্তৰা’ নামৰ এক নতুন অলংকাৰ সংগ্ৰহ উন্মোচন কৰিছে। অভিনেত্ৰী তৃপ্তি ডিমৰীৰ সহযোগত মুকলি কৰা এই সংগ্ৰহত ভাৰতীয় কাৰুশিল্পৰ সৈতে সমসাময়িক ডিজাইনৰ সংমিশ্ৰণ ঘটাই আধুনিক ভাৰতীয় নাৰীৰ বহুমুখী পৰিচয়ক উদযাপন কৰা হৈছে।
১২ অক্টোবৰত মুকলি কৰা এই সংগ্ৰহত চাৰিটা শ্ৰেণীৰ অধীনত ১০০তকৈও অধিক ডিজাইন অন্তৰ্ভুক্ত কৰা হৈছে: গ্লাছ কুন্দন, ষ্টোন(পাথৰ) খচিত সাধাৰণ অলংকাৰ, সাধাৰণ সোণ আৰু আনকাট ডায়মণ্ড(হীৰা)। এই সংগ্ৰহৰ ভিতৰত ১৮ কেৰেট আৰু ২২ কেৰেট সোণৰ নেকলেচ ছেট, খাৰু, আঙুঠি আৰু মংগলসূত্ৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ একোটা ডিজাইনৰ ওজন ৩০ গ্ৰামৰ পৰা ১২০ গ্ৰাম পৰ্যন্ত আছে।
এই সংগ্ৰহত ভাস্কৰ্যসদৃশ ৩ডি(ত্ৰিমাত্ৰিক) ৰূপ, পেটেণ্টেড ৩ডি গ্লাছ কুন্দন, হাতেৰে খোদিত কৰা ষ্টোন(পাথৰ), এনামেল টেকনিক আৰু ফায়াৰ অ’পাল তথা ছানষ্টোনৰ দৰে বহুমূলীয়া ৰত্ন ব্যৱহাৰ কৰা হৈছে। ইয়াৰে কেইটামান বিশেষ অলংকাৰত মড্যুলাৰ ৩-ইন-১, ৪-ইন-১ আৰু ৫-ইন-১ ডিজাইনো উপলব্ধ কৰা হৈছে (যিবোৰ বিভিন্ন ধৰণে সলনি কৰি পিন্ধিব পাৰি)।
তানিষ্কৰ মুখ্য বিপণন বিষয়া পেল্কি চেৰিঙে এই বিষয়ে কয় যে এই সংগ্ৰহে মহাজাগতিক সৌন্দৰ্যক সমসাময়িক অলংকাৰলৈ ৰূপান্তৰিত কৰিছে, য’ত পৰম্পৰাগত কাৰুশিল্প আৰু আধুনিক ডিজাইনৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে। ডিজাইন বিভাগৰ মুৰব্বী গৰিমা মহেশ্বৰীয়ে এই সংগ্ৰহৰ আঁৰৰ নিখুঁততা আৰু শিল্প চাতুৰ্যৰ কথা উল্লেখ কৰিছে।
গুৱাহাটী মহানগৰীত এই ফেষ্টিভ ছিজনত সোণ ক্ৰয়ৰ সময়ছোৱাৰ ঠিক আগে আগে এই অলংকাৰসমূহ মুকলি কৰা হৈছে, যি সময়ত সাধাৰণতে ধনতেৰাছৰ বাবে অলংকাৰৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পায়। ইয়াৰ বৈচিত্ৰ্যময় ডিজাইন আৰু মড্যুলাৰ ষ্টাইলে সমসাময়িক উৎসৱকালীন ক্ৰয় আৰু উপহাৰ দিয়াৰ বিকল্প বিচৰা গ্ৰাহকসকলক আকৰ্ষণ কৰিব বুলি ধাৰণা কৰা হৈছে।
ইয়াৰ উপৰি তানিষ্কে গ্ৰাহকৰ বাবে বিশেষ ৰেহাইৰ অফাৰো আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে প্ৰতি গ্ৰাম সোণৰ অলংকাৰত নিশ্চিত ৩০০ টকাৰ ৰেহাই, গঢ়নি মাচুল আৰু হীৰাৰ মূল্যৰ ওপৰত ২০%পৰ্যন্ত ৰেহাই। লগতে চৰ্ত সাপেক্ষে ১৮ কেৰেট বা তাতকৈ অধিক বিশুদ্ধতাৰ পুৰণি সোণ সলনিৰ ক্ষেত্ৰত কোনো ধৰণৰ মূল্য কৰ্তন কৰা নহয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *