২০২৬ চনৰ ৰেড ডট ডিজাইন এৱাৰ্ডছত শীৰ্ষ সন্মান অৰ্জন মেনএক্স আৰৰনৰ্টন মেনএক্স আৰ-এ লাভ কৰিলে ৰেড ডটৰ শীৰ্ষ ডিজাইন সন্মান, বিলাসী মটৰচাইকেল ক্ষেত্ৰত সুদৃঢ় হ’ল প্ৰতিষ্ঠানটোৰ স্থান

নৰ্টন মটৰচাইকেলছৰ মেনএক্স আৰ মডেলে ২০২৬ চনৰ ‘ৰেড ডট এৱাৰ্ড: ডিজাইন কনচেপ্ট-ৰ বাহন তথা মটৰচাইকেলছ শ্ৰেণীত ৰেড ডট: বেষ্ট অৱ দি বেষ্ট বঁটা জিনিবলৈ সক্ষম হৈছে। এই বঁটাই ব্ৰিটিছ ব্ৰেণ্ডটোৰ ডিজাইন সামৰ্থ্যক অন্যতম গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিলে।
এই প্ৰতিযোগিতাৰ অন্যতম সৰ্বোচ্চ সন্মান হিচাপে পৰিগণিত এই বঁটাই যুগান্তকাৰী ডিজাইনক স্বীকৃতি প্ৰদান কৰাৰ লগতে নৰ্টনৰ আধুনিক মটৰচাইকেল শৈলীৰ গুৰুত্ব পোহৰাই তুলিলে, যিয়ে স্বচ্ছ পৃষ্ঠভাগ, শৃংখলিত অনুপাত আৰু সুকীয়া বিৱৰণ ওপৰত গুৰুত্ব আৰোপ কৰে।
নৰ্টন মটৰচাইকেলছৰ ডিজাইন বিভাগৰ প্ৰধান চাইমন স্কিনাৰে কয় যে এই স্বীকৃতি মেনএক্স আৰৰ আঁৰত থকা সমগ্ৰ দলটোৰ বাবেহে সম্ভৱ হৈছে। চাইমন স্কিনাৰে উল্লেখ কৰে যে বিচাৰক মণ্ডলীয়ে এটা সম্পূৰ্ণৰূপে বিকশিত মটৰচাইকেলক স্বীকৃতি দিছে, যাক গ্ৰাহকে চাব, স্পৰ্শ কৰিব আৰু চলাব পাৰিব।
মেনএক্স আৰৰ ডিজাইনত ফেয়াৰিং, টেংক আৰু টেইলৰ দ্বাৰা এক সুসংহত অবয়ব গঢ়ি তোলা হৈছে। ইয়াৰ লগতে ইয়াত উন্মুক্ত মেকানিকেল উপাদান, প্ৰিমিয়াম সমাপ্তি আৰু সতৰ্কতাৰে সংযোজিত বিৱৰণ আছে। ইয়াৰ ডিজাইন দামী ঘড়ী নিৰ্মাণ শৈলীৰ দ্বাৰা অনুপ্ৰাণিত, য’ত কাৰ্যক্ষম উপাদানসমূহে দৃশ্যমান আকৰ্ষণ হিচাপেও কাম কৰে।
এই মটৰচাইকেলখনে নৰ্টনৰ আধুনিকতা, সংহতি, বাহ্যিক নাটকীয়তা আৰু সংযোগ—এই ৪টা ডিজাইন নীতিক অনুসৰণ কৰে। ইয়াৰ অগ্ৰগতিৰ কাম নৰ্টন মটৰচাইকেলছৰ মুখ্য সৃষ্টিশীল উপদেষ্টা প্ৰফেচৰ গেৰী মেকগভাৰ্ন, স্কিনাৰ আৰু কোম্পানীটোৰ আভ্যন্তৰীণ ডিজাইন তথা ইঞ্জিনিয়াৰিং দলৰ সহযোগত ৰূপায়ণ কৰা হৈছিল।
২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় ডিজাইন এক্সেলেন্স এৱাৰ্ডছত লাভ কৰা স্বীকৃতিৰ পিছত এই শেহতীয়া সন্মানে মেনএক্স আৰক এক আধুনিক বিলাসী প্ৰদৰ্শন ব্ৰেণ্ড হিচাপে নৰ্টনৰ স্থিতি অধিক সুদৃঢ় কৰি তুলিছে।
১৮৯৮ চনত প্ৰতিষ্ঠিত নৰ্টন বৰ্তমান টিভিএছ মটৰ কোম্পানীৰ মালিকানাধীন, যিয়ে ২০২০ চনৰ এপ্ৰিল মাহত এই ব্ৰেণ্ডটো অধিগ্ৰহণ কৰিছিল। কোম্পানীটোৱে ৱেষ্ট মিডলেণ্ডছৰ চলিহুলত থকা নিজৰ কাৰখানাত ব্ৰিটিছ ঐতিহ্য আৰু সমসাময়িক ইঞ্জিনিয়াৰিং সংমিশ্ৰণ কৰি মটৰচাইকেলসমূহ নিৰ্মাণ কৰি আহিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *