অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে গুলীয়াইছিল ৬জনক

মহানগৰীৰ লাচিত নগৰস্থিত ‘হোটেল বিলাস ইন’ত সংঘটিত লোমহৰ্ষক গুলীচালনাৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে।গুৱাহাটীৰ গুলীচালনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ ঘৰ ডিব্রুগড়ত।
বৰ্তমান গুৱাহাটীৰ লখৰাৰ সাউকুছিৰ বাসিন্দা ঘনকান্ত গগৈ।
ঘনকান্তক প্রথমে সাউকুছিৰ পৰা গ্রেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।
নিশাটো বশিষ্ঠ আৰক্ষী থানাতে আছিল ঘনকান্ত গগৈ।
পুৱা পল্টনবজাৰ আৰক্ষীক গতাই দিয়ে বশিষ্ঠ আৰক্ষীয়ে।
ঘনকান্তৰ ঘৰৰ পৰা জব্দ পইণ্ট ৩২ পিষ্টলটোৰ মেগজিনত নোলাল গুলী।
পিষ্টলটোত থকা সম্পূৰ্ণ গুলী ব্যৱহাৰ কৰিছিল ঘনকান্তই।
হত্যাকাৰী ঘনকান্তৰ পিষ্টলটো নাগালেণ্ডৰ পঞ্জীয়নকৃত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *