এতিয়াৰে পৰা জুবিনৰ ন্যায়ৰ দাবীত হোৱাকোনো ৰাজহুৱা প্ৰতিবাদত অংশ নলয় জুবিন গাৰ্গৰ পৰিয়ালে। অভিযুক্তক সুযোগ নিদিবলৈ আৰু ন্যায়িক প্ৰক্ৰিয়াত জটিলতা নাহিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কিছু সময় পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে। অৱশ্যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সাব্যস্ত কৰা প্ৰতিটো ৰাজহুৱা প্ৰতিবাদত থাকিব সমৰ্থন বুলিও দিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিনক হেৰুওৱাৰ দিনটোৰ পৰাই আমাৰ দাবী একেই আছে। আমি বিচাৰোঁ, জুবিনৰ ঘটনাটোৰ সম্পূৰ্ণ সত্য পোহৰলৈ আহক আৰু আইনৰ যথাযথ প্রক্রিয়াৰে জুবিনে ন্যায় পাওক। এই ক্ষেত্ৰত আমাৰ অৱস্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই। পামী আৰু মই এই গোচৰটোৰ অভিযোগকাৰীও। আমাৰ পৰিয়ালে নিজাববীয়াকৈ এগৰাকী অধিবক্তা নিয়োগ কৰি তেওঁৰ আইনী সহায়ত গোচৰটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সক্রিয়ভাবে জড়িত হৈ আছোঁ। অর্থাৎ আদালতত আমি এটা পক্ষ- কেৱল অভিযোগকাৰী নহয়।
ৰাজহুৱা প্ৰতিবাদত অংশ নলয় জুবিন গাৰ্গৰ পৰিয়ালে
