গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১৬ ঘণ্টীয়া জটিল অস্ত্ৰোপচাৰ সফল

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শুকুৰবাৰে সফলতাৰে সম্পন্ন হয় যকৃত সংৰোপণ। যকৃত সংৰোপণৰ অস্ত্ৰোপচাৰে ৰাজ্যৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। প্ৰায় ১৬ ঘণ্টা ধৰি চলা এই জটিল অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন হৈছে । এই কথা আজি সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত ২০২৫ চনতে ৰাজ্যৰ স্বাস্থ্য বিভাগে যকৃত সংৰোপণ আৰু ইয়াৰ আনুষংগিক চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছিল।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *